Dengue outbreak : এইবাৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ; ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ডেংগু
নিউজ ডেস্ক, ২৮ছেপ্টেম্বৰ : এইবাৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ(Dengue outbreak)। ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ডেংগু । গোলাঘাটত ডেংগুৰ সংহাৰী ৰূপ । গোলাঘাট জিলাৰ লগতে ধনশিৰি মহকুমাটো ভয়ংকৰ ৰূপ লৈছে ডেংগুৱে ।
চৰকাৰী তথ্য মতে, প্ৰায় ৬৫ জন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ডেংগুৰ উপস্থিতি । ইয়াৰে ১২ জন হৈছে কাৰ্বি আংলং জিলাৰ বুলি জানিব পৰা গৈছে । কিন্তু প্ৰকৃততে ডেংগুত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ইয়াতকৈ বহু বেছি(Dengue outbreak in Dhansiri) ।
উল্লেখ্য যে, ডেংগু আক্ৰান্ত হোৱা বহু ৰোগী ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে । আনহাতে ডেংগু সদৃশ ৰোগত আক্ৰান্ত হৈ বহু লোক ঘৰতেই চিকিৎসা গ্ৰহণ কৰি আছে বুলিও জানিব পৰা গৈছে । ইফালে সৰুপথাৰ নগৰৰ ৩ নং বাৰ্ডৰ এজন যুৱক ডেংগুত আক্ৰান্ত হৈ বুধবাৰে গুৱাহাটীত মৃত্যু হৈছে বুলি চৰকাৰী তথ্যত পোহৰলৈ আহিছে(Dengue outbreak in Dhansiri) ।
ইফালে ডেংগু মহামাৰীক লৈ শেহতীয়াকৈ ধনশিৰি মহকুমা প্ৰশাসন তথা জিলা প্ৰশাসনৰো তৎপৰতা বৃদ্ধি পাইছে । বৰ্তমান ধনশিৰি মহকুমা স্বাস্থ্য বিভাগে পঞ্চায়তে পঞ্চায়তে সজাগতা সভা, ধোঁৱা দিয়া, ঔষধি আঁঠুৱাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :Dengue cases in Bengal top 38000 mark : পশ্চিম বংগত ডেংগুৰ সংহাৰী ৰূপ;আক্ৰান্ত ৩৮,০০০ লোক