Local, Vocal, Global

কৃষক মুক্তিৰ দাবী ‘ভাঙি পেলাওক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প’

নিউজ ডেস্ক : জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ। ২০১১ চনৰ পৰাই সংগঠনটোৱে এই সন্দৰ্ভত কৰি আহিছে প্ৰতিবাদ।


বিজেপি চৰকাৰে জাতীয় সহমতক উপেক্ষা কৰিছে। নিৰ্মীয়মান বান্ধটোৰ ভাঙি গৈছে গাৰ্ড ৱাল। গাৰ্ড ৱালৰ কেইবা ঠাইতো মেলিছে ফাঁট। বৰ্তমানৰ বিজেপি চৰকাৰে বিৰোধী হৈ থাকোতে বিৰোধিতা কৰিছিল বৃহৎ নদী বান্ধৰ। পিছে চৰকাৰত আহিয়েই পাভ লুটি বিজেপিৰ।


১৬৮ ৰো অধিক বৃহৎ নদী বান্ধ নিৰ্মীয়মান অৰুণাচলত। এই বৃহৎ নদী বান্ধসমূহে এদিন বিপদত পেলাব অসমক।
ইতিমধ্যেই অসমৰ চাৰি বিশেষজ্ঞই বিৰোধিতা কৰিছে বৃহৎ নদী বান্ধৰ। কিন্তু চৰকাৰে গ্ৰহণ নকৰিলে বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন।


কৃষক মুক্তিৰ দাবী ‘ভাঙি পেলাওক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প’ ।