Delhi’s Alipur fire probe : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ; মৃত্যু ১১ জনৰ, গ্ৰেপ্তাৰ অখিল জৈন আৰু ৰাজৰাণীক

নেশ্যনেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিদদ্ধ হৈ মৃত্যু ১১ জনকৈ লোকৰ । দিল্লীৰ আলিপুৰ বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো(Delhi’s Alipur fire probe) ৷
জানিব পৰা মতে, এটা ৰাসায়নিক কাৰখানাত জুইৰ সূত্ৰপাত হয় ফলত নিমিষতে সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই ছানি ধৰে ।
উল্লেখ্য যে বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনাটো ।১৫ ফেব্ৰুৱাৰীৰ বিয়লি দিল্লীৰ আলিপুৰ অঞ্চলৰ এই কাৰখানাটোত সংঘটিত হোৱা অগ্নিকাণ্ডত অশোক জৈনৰ লগতে ১০ জন শ্ৰমিকৰ মৃত্যু হয় । এই অগ্নিকাণ্ডৰ পূৰ্বে কাৰখানাটোত বিস্ফোৰণ সংঘটিত হয় ৷ তাৰ পাচতে নিমিষতে আঠখনকৈ দোকানলৈ ধৰি ওচৰৰ অট্টালিকাসমূহলৈকে বিয়পি পৰে জুই(Two, including factory owner’s son, arrested)।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি, অগ্নিকাণ্ডত মৃত্যু হোৱা ১১ জন লোকৰ মৃতদেহ চিনাক্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ সদস্যক গতাই দিয়া হৈছে । ইফালে আন এজন আৰক্ষী বিষয়াই জনোৱা মতে, “শুকুৰবাৰে চিনাক্তকৰণৰ পিচত ৮ টা মৃতদেহ পৰিয়ালকেইটাক গতাই দিয়া হয় । বাকী তিনিটা মৃতদেহ শনিবাৰে চিনাক্ত কৰা হয়’’ ।
ইফালে স্থানীয় লোকে দাবী কৰে যে উক্ত অঞ্চলটোত চকলেট, চেণ্ডল আৰু ৰং নিৰ্মাণ কৰা ১০০ ৰো অধিক কাৰখানা অবৈধভাৱে চলি আছে ৷ এই কাৰখানাবোৰৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে ৷
এই অগ্নিকাণ্ড ঘটনা সন্দৰ্ভত পঞ্জীয়ন হোৱা FIR ত উল্লেখ কৰা অনুসৰি, কাৰখানাটোৰ ভিতৰত বিপুল পৰিমাণৰ জ্বলনশীল সামগ্ৰী (inflammable material) উদ্ধাৰ কৰা হৈছে । ইয়াৰ পূৰ্বে দিল্লী পৌৰ নিগমে অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটো ৰাসায়নিক ৰং মিহলোৱাৰ উদ্দেশ্যে অবৈধভাৱে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল ।
আলিপুৰ থানাৰ উপ-পৰিদৰ্শক অনিল কুমাৰৰ এজাহাৰৰ ভিত্তিত এই FIR ৰুজু কৰা হৈছে । কুমাৰে হেড কনিষ্টবল সুভাষ সিং আৰু সঞ্জীতৰ লগতে কনিষ্টবল কৰম্বীৰৰ সৈতে সেই স্থানত উপস্থিত হৈ প্ৰত্যক্ষ কৰে যে কাৰখানাৰৰ আৰু তাৰ গাতে লাগি থকা ঘৰবোৰত জুই জ্বলি আছে ।
উদ্ধাৰ অভিযানৰ সময়ত আৰক্ষী জোৱানসকলে একাধিক বিস্ফোৰণৰ শব্দও শুনিছিল বুলি FIR ত উল্লেখ কৰা হৈছে ৷