Local, Vocal, Global

Delhi Treadmill Accident : ট্ৰেডমিলত দৌৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট দিল্লীৰ এজন যুৱক , গ্ৰেপ্তাৰ জিমৰ মালিক

নেশ্যনেল ডেস্ক, ২০ জুলাই : জিম কৰা সকল সাৱধান । দিল্লীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Delhi Treadmill Accident)। উত্তৰ দিল্লীৰ ৰোহিনী অঞ্চলৰ জিমত ট্ৰেডমিলত দৌৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় দিল্লীৰ এজন ২৪ বছৰীয়া যুৱকৰ । ৰোহিনী ছেক্টৰ ১৯ৰ বাসিন্দা সাক্ষম প্ৰকৃতিয়ে বিটেক সম্পূৰ্ণ কৰি গুৰুগ্ৰামস্থিত এটা প্ৰতিষ্ঠানত কাম কৰিছিল। ১৫ নং ছেক্টৰৰ জিম্পলেক্স ফিটনেছ জ’নত সংঘটিত হৈছে এই ঘটনা(24-Year-Old Electrocuted While Running On Treadmill At Delhi Gym) ।

বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰোহিনী অঞ্চলৰ জিমত ট্ৰেডমিলত দৌৰি থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এজন ২৪ বছৰীয়া যুৱকজনৰ (24-yr-old collapses in Delhi gym)। ৰোহিনী ছেক্টৰ ১৯ৰ বাসিন্দা সাক্ষম প্ৰকৃতিয়ে ১৫ নং ছেক্টৰৰ জিম্পলেক্স ফিটনেছ জ’নত সঘনাই ভ্ৰমণ কৰিছিল।

তথ্য অনুসৰি মঙলবাৰে সন্ধিয়া জীমত ট্ৰেডমিলত ব্যায়াম কৰি থকা অৱস্থাতে সাক্ষম বাগৰি পৰে । ততাতৈয়াকৈ তেওঁক ৰোহিনী ছেক্টৰ ৬ৰ বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু পিছত তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীৰ উপ-আয়ুক্ত (ৰোহিনী) গুৰিকবাল সিং সিদ্ধুৱে জনোৱা অনুসৰি, বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়ত সাক্ষমৰ মৃত্যুৰ বিষয়ে আৰক্ষীক অৱগত কৰে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাত বিদ্যুৎস্পৃষ্ট হোৱাটো মৃত্যুৰ কাৰণ বুলি নিশ্চিত কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জনায়। জীমৰ মেনেজাৰ অনুভ ডুগলক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ২৮৭ ধাৰাত হত্যাৰ সমান নহয় দোষী হত্যা আৰু যন্ত্ৰপাতিৰ ক্ষেত্ৰত গাফিলতি কৰা গোচৰ ৰুজু কৰা হৈছে ।

উল্লেখযোগ্য যে, এই সন্দৰ্ভত আৰক্ষীৰ অধিক তদন্ত অব্যাহত আছে।

আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে জিমৰ মেনেজাৰ অনুভৱ দুগগলক। হত্যাৰ সমান নহয় দোষী হত্যা আৰু যন্ত্ৰপাতিৰ ক্ষেত্ৰত গাফিলতিপূৰ্ণ আচৰণৰ সৈতে জড়িত আই পি চিৰ ২৮৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে জানুৱাৰী মাহত সংঘটিত একেধৰণৰ এক কাণ্ডত মধ্যপ্ৰদেশৰ ইন্দোৰৰ এটা জীমত ৱৰ্কআউটৰ অন্তত ৫৫ বছৰীয়া এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল । মৃত লোকজনৰ আছিল প্ৰদীপ ৰঘুবংশী নামৰ এজন জনপ্ৰিয় ৰেষ্টুৰেণ্টৰ দোকানী ।

তথ্য অনুসৰি, লোকজনক ৱৰ্কআউট চেচনৰ পিছত ঢলি পৰে আৰু ওচৰৰ চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে আৰু কয় যে তেওঁৰ হাৰ্ট এটেকত মৃত্যু হৈছে । মৃতকৰ পৰিয়ালৰ বন্ধু ৰাজেন্দ্ৰ ৰাথোৰে পিটিআইক জনোৱা মতে, প্ৰায় ১৫ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে লোকজনৰ হৃদযন্ত্ৰৰ সমস্যা হৈছিল আৰু দিল্লীৰ এখন চিকিৎসালয়ত তেওঁৰ এটা ধমনীত ষ্টেণ্ট লগোৱা হৈছিল।

লগতে পঢ়ক : Akshay Kumar Reacts To Manipur Violence : মণিপুৰৰ মহিলা নিৰ্যাতনক লৈ অক্ষয় কুমাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ