Local, Vocal, Global

Delhi schools receive fresh bomb threats:পুনৰ ৰাজধানী চহৰ দিল্লীলৈ বোমাৰ ভাবুকি

নিউজ ডেস্ক,১৪ডিচেম্বৰ :পুনৰ ৰাজধানী চহৰ দিল্লীলৈ বোমাৰ ভাবুকি।আজি পুৱা ভাবুকিভৰা ই-মেইল লাভ।DPSকে ধৰি কেইবাখনো বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি।মাত্ৰ এদিন পূৰ্বে নতুন দিল্লীৰ ৩০ খন বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰাৰ পাছত শনিবাৰে পুনৰ অনুৰূপ ধৰণে বোমাৰ ভাবুকি লাভ কৰে(Several Delhi schools receive fresh bomb threats)।

দিল্লীৰ আৰক্ষীয়ে জনোৱা অনুসৰি,শনিবাৰে পুৱা ৬-১২ বজাত বোমাৰ ভাবুকি ইমেইল যোগে লাভ কৰে। দিল্লীৰ ডিপিএছ আৰ কে পুৰম, ৰিয়ান ইণ্টাৰনেচনেল স্কুল, বসন্ত কুঞ্জ আদিয়ে ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰে।এই মেইল প্ৰেৰণ কৰিছে বেৰী আল্লাহৰ নামত childrenofallah@outlook.com মেইল আইডিৰ জৰিয়তে।

দিল্লী আৰক্ষী আয়ুক্তই এই সন্দৰ্ভত কয় যে, বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা এই ইমেইলসমূহ বহিঃ ৰাষ্ট্ৰৰ পৰা প্ৰেৰণ কৰা হৈছে(Delhi schools receive fresh bomb threats)।

লগতে পঢ়ক :BJP veteran Lal Krishna Advani admitted to hospital:পুনৰ অসুস্থ বিজেপিৰ জ্যেষ্ঠ নেতা তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানী