Local, Vocal, Global

Delhi Police raids in Nagaon : নগাঁৱত দিল্লী আৰক্ষীৰ অভিযান

নগাঁও,২৮জুলাই : নগাঁৱত দিল্লী আৰক্ষীৰ অভিযান ।

চাইবাৰ ক্ৰাইমৰ অভিযোগত ধিং বেচামাৰীৰ দুই যুৱকক গ্ৰেপ্তাৰ । ধৃত যুৱক দুজন আনাৰুদ্দিন লস্কৰ আৰু মমচাদ আৰিফ বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, ডিমাপুৰত পৰা গ্ৰেপ্তাৰ কৰে আনাৰুদ্দিন লস্কৰ নামৰ নগাঁৱৰ যুৱকজনক। ধৃত আনাৰুদ্দিনক লগত লৈ নগাঁৱত অভিযান চলাই দিল্লী আৰক্ষীয়ে(Delhi Police raids in Nagaon) ।

ইতিমধ্যে নগাঁও বেচামাৰীৰ পৰা মমচাদ আৰিফ নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে শিয়ালমাৰীৰ পৰা সোধ-পোছৰ বাবে আটক কৰিছে আন এজন যুৱকক ।

চাইবাৰ ক্ৰাইমৰ জৰিয়তে কোটি টকা হৰলুকিৰ অভিযোগ উঠিছে ধৃত দুই অপৰাধীৰ বিৰুদ্ধে ।

অধিক তথ্যৰ বাবে নগাঁও সদৰ থানাত দুয়োজনকে সোধ পোছ অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে ।

লগতে পঢ়ক : Assam Police Drive Against Cattle Smugglin : সোণাপুৰত ট্ৰাকসহ জব্দ ৩৭টা গৰু,আটক সৰবৰাহকাৰী