Delhi Police officer kicks men offering namaz : ৰাজধানী নতুন দিল্লীৰ ৰাজপথত এজন আৰক্ষীৰ অভব্য আচৰণ !

নেশ্যনেল ডেস্ক, ৯ মাৰ্চ : ৰাজধানী নতুন দিল্লীৰ ৰাজপথত এজন আৰক্ষীৰ অভব্য আচৰণ ! নামাজ পঢ়া লোকক লঠিয়ালে আৰক্ষীয়ে ।
ৰাজধানী নতুন দিল্লীত এজন আৰক্ষীৰ কাণ্ডক লৈ তোলপাৰ চ’ছিয়েল মিডিয়া! তীব্ৰ প্ৰতিক্ৰিয়া ৰাজনৈতিক মহলতো। দেশৰ সংবাদ মাধ্যমতো খলকনি টোলা এই ভিডিঅ’টো প্ৰথমে চাই লওক।
ৰাজপথত নামাজ পঢ়িবলৈ সমবেত একাংশ লোকৰ ওপৰত এজন আৰক্ষী বিষয়াৰ অভব্য আচৰণ। এফালৰ পৰা এজন এজনকৈ নামাজত ভাগ লোৱা লোকক লঠিয়াই গৈছে আৰক্ষী বিষয়াজনে।তাৰ পাছত নিৰ্দিষ্ট আৰক্ষী বিষয়া জনৰ সৈতে নামাজৰ বাবে সমবেত লোক সকলৰ বাক বিতণ্ডা(Delhi Police officer kicks men offering namaz)।
এই ঘটনা নতুন দিল্লীৰ ইন্দ্ৰলোক অঞ্চলত। শুকুৰবৰীয়া নামাজৰ সময়ত ৰাজপথত সমবেত হোৱা লোকসকলে যান বাহন আইন নমনাৰ দোহাই দি আৰক্ষী বিষয়াজনে প্ৰদৰ্শন কৰিছিল অভব্য আচৰণ। লগে লগে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোক লৈ সৃষ্টি হয় তুমুল প্ৰতিক্ৰিয়াৰ।
পাছত নৰ্থ দিল্লীৰ DCP মুকেশ কুমাৰ মিনাই জনোৱা মতে অভিযুক্ত আৰক্ষী বিষয়া জনৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে তেওঁক নিলম্বন কৰা হয়। ৰাজধানী নতুন দিল্লীৰ শুকুৰবাৰৰ এই ঘটনাক লৈ ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Delhi cop kicks namazis in Inderlok)।
লগতে পঢ়ক : Terrible Road Accident in Kaliabor :নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিল দ্ৰুত বেগী টাটা মেজিক!