Local, Vocal, Global

Delhi Police nabs three persons for IPL match betting : আইপিএলৰ জ্বৰত আক্ৰান্ত সমগ্ৰ দেশবাসী;দিল্লী আৰক্ষীৰ জালত ৩ আইপিএল জুৱাৰী

নিউজ ডেস্ক,৩০এপ্ৰিল : দেশত এতিয়া আইপিএলৰ জ্বৰ। ইয়াৰ মাজতে আইপিএলৰ নামত চলি আছে জুৱা। আইপিএলৰ জ্বৰত আক্ৰান্ত সমগ্ৰ দেশবাসী ! আইপিএলৰ খেল আৰম্ভ হ’লেই দেশৰ ভিন্ন প্ৰান্তত জুৱা আৰম্ভ হয়(Delhi Police nabs three persons for IPL match betting) ।

শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা আইপিএল খেলখনৰ সময়ত জুৱা খেলৰ অভিযোগত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক ।

জানিব পৰা মতে, আৰক্ষীৰ এটা দলে প্ৰদীপ শৰ্মা ওৰফে ববি (৩৩), মোহিত অৰোৰা (৩৫) আৰু মুকেশ শৰ্মা (৪৪) নামৰ তিনিজন লোকক আইপিএল বেটিঙৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইজনৰ পৰা আৰক্ষীয়ে এটা লেপটপ, ৬ টা মোবাইল ফোন, এটা এলইডি টিভি, এটা ৰাউটাৰ আৰু ২০,৫০০ টকা উদ্ধাৰ কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে(Delhi Police nabs three persons for IPL match betting)।

আৰক্ষীৰ মতে কৃষ্ণ নগৰ আৰক্ষী থানাত জুৱা আইনৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে । আৰক্ষীয়ে ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Bomb Threat At Bhopal Airport : বিমান বন্দৰত বোমাৰ আতংক,ই-মেইল প্ৰেৰণ কৰি বোমাৰ ভাবুকি দুৰ্বৃত্তৰ