Local, Vocal, Global

Delhi Police crackdown on illegal migrants:দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ বাংলাদেশী নাগৰিকক

নিউজ ডেস্ক,২৯ডিচেম্বৰ : দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ বাংলাদেশী নাগৰিকক।অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অভিযান চলাই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশী নাগৰিকক।

দিল্লীৰ দক্ষিণ পশ্চিম জিলাৰ বসন্ত কুঞ্জ দক্ষিণ আৰক্ষী থানাৰ দ্বাৰা অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ বাবে চলোৱা হয় এক বিশেষ অভিযান।এই অভিযানটো দক্ষিণ পশ্চিম জিলা আৰক্ষীৰ দ্বাৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে এক বৃহত্তৰ অভিযানৰ অংশ আছিল । অভিযানটোৰ নেতৃত্ব দিছিল ইন্সপেক্টৰ ৰতন সিঙে,এই অভিযান কালত আৰক্ষীসকলেও বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । আৰক্ষীৰ দলটোৱে মুঠ ৪০০ টা পৰিয়ালৰ নথিপত্ৰ পৰীক্ষা কৰাৰ পিছত সন্দেহজনক লোকৰ মেনুৱেল তদন্ত কৰিবলৈ পশ্চিমবংগলৈ এটা বিশেষ দল প্ৰেৰণ কৰা হৈছিল(Delhi Police crackdown on illegal migrants)।

এই অভিযান কালতে ৮ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে ।গ্ৰেপ্তাৰ কৰা আঠজন বাংলাদেশী নাগৰিকৰ ভিতৰত এজন পুৰুষ, তেওঁৰ পত্নী আৰু তেওঁলোকৰ ছয় সন্তান ।

আৰক্ষীয়ে বাংলাদেশী কেইজনক গ্ৰেপ্তাৰ কৰি জেৰা চলাই । জেৰাৰ সময়ত বাংলাদেশী লোকজনে স্বীকাৰ কৰে যে তেওঁলোকে জংঘলৰ পথ আৰু এক্সপ্ৰেছ ৰে’ল ব্যৱহাৰ কৰি বাংলাদেশৰ ঢাকাৰ পৰা ভাৰতলৈ আহিছিল । ইয়াৰ পিছত, তেওঁ দিল্লীত বসতি স্থাপন কৰে ৷ তাৰ পাচতে তেওঁৰ পত্নী আৰু সন্তানক বাংলাদেশৰ পৰা ভাৰতলৈ আনি ৰংপুৰীত আত্মগোপন কৰি থাকিবলৈ আৰম্ভ কৰে(Eight Bangladeshi Nationals Arrested For Staying Illegally In Delhi)।

আৰক্ষীয়ে তেওঁলোকক চিনাক্ত কৰাৰ সময়ত তেওঁলোকে তেওঁলোকৰ বাংলাদেশী পৰিচয় পত্ৰ ধ্বংস কৰিছিল । এই অভিযানে দক্ষিণ পশ্চিম জিলা আৰক্ষীৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান শক্তিশালী কৰিছে বুলি আৰক্ষীয়ে উল্লেখ কৰে । লগতে পৰৱৰ্তী সময়তো আৰক্ষীয়ে এনে ধৰণৰ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Polling for General Elections of Kalapani co operative society :আজি মানকাচৰৰ কালাপানী সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ