Local, Vocal, Global

Delhi liquor scam :৪ ছেপ্টেম্বৰত মনীষ ছিছ’দিয়াৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে , পত্নীৰ অসুস্থতাৰ বাবে বিচাৰিছিল জামিন

নিউজ ডেস্ক, ৪ আগষ্ট : জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত মুখথেকেছা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ। পত্নীৰ অসুস্থতাৰ কাৰণে চিছ’দিয়াই অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল (Sisodia Bail Plea)। কিন্তু ন্যায়ালয়ে শুকুৰবাৰে এই আবেদন নাকচ কৰি ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত জামিন আৱেদন বিবেচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে(Delhi liquor scam )।

ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ছিছ’দিয়াক জামিন দিবলৈ অস্বীকাৰ কৰিছিল(Delhi liquor scam )। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল ছিছ’দিয়াই। ১৪ জুলাইত আদালতে ছিছ’ডিয়াৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত জাননী জাৰি কৰি কয় যে ৪ আগষ্টত ইয়াৰ শুনানি গ্ৰহণ কৰা হ’ব(Delhi liquor scam Sisodia Bail Plea)।

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ (চিবিআই) অধিবক্তাক কয় যে তেওঁলোকে নীতিগত সিদ্ধান্ত, প্ৰমাণ নষ্ট কৰা আৰু ধনৰ লেনদেনৰ পথ স্পষ্টভাৱে স্থাপন কৰা সন্দৰ্ভত সকলো বিৱৰণ বিচাৰে । লগতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াই দাখিল কৰা জামিন আবেদন ৪ ছেপ্টেম্বৰলৈকে স্থগিত ৰাখে ।

উল্লেখ্য যে, বৰ্তমান বাতিল কৰা দিল্লী সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ অভিযোগৰ সন্মুখীন হৈ কাৰাবন্দী হৈ আছে ছিছোডিয়া । ছিছোডিয়াক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছভিএন ভাট্টিক লৈ গঠিত এখন বিচাৰপীঠক মানৱীয় ভিত্তিত তেওঁৰ ক্লায়েণ্টক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিবলৈ আহ্বান জনায় ।

লগতে দাবী কৰে যে, ছিছোডিয়াই তেওঁৰ অসুস্থ পত্নীক লগ কৰিব বিচাৰে । ন্যায়াধীশ খান্নাই কয় যে, চিবিআইৰ প্ৰতিবাদী শপতনামাত দাবী কৰিছে যে তেওঁৰ পত্নীয়ে বিগত ২০ বছৰ ধৰি এই ৰোগত ভুগি আছে । সিংভিয়ে কয় যে তেওঁ এক ক্ষয়কাৰী ৰোগত ভুগি আছে, যিটো ক্ৰমে আগবাঢ়ি গৈ আছে । তেওঁক জুন আৰু জুলাই মাহত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । লগতে এই কথাত জোৰ দিয়ে যে তেওঁৰ একমাত্ৰ পুত্ৰ বিদেশত আছে আৰু তেওঁৰ যত্ন ল’বলৈ পৰিয়ালত আন কোনো নাই । সিংভিয়ে দাবী কৰে যে তেওঁৰ দৃষ্টিশক্তিৰ সমস্যা আছে আৰু খোজকঢ়াতো অসুবিধাৰ সন্মুখীন হৈছে ।

নিয়মীয়া শুনানিৰ পিছত বিচাৰপীঠে কয় যে, তেওঁ কিছু সময়ৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিনৰ আবেদন গ্ৰহণ কৰিবলৈ এইটো এটা স্থিৰ চৰ্ত হ’ব পাৰে । ইয়াৰ পিছত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে ৪ আগষ্ট তাৰিখ নিৰ্ধাৰণ কৰা হয় ।

আনহাতে, শীৰ্ষ আদালতে অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এএছজি) এছ ভি ৰাজুক কয় যে, আদালতে নীতিগত সিদ্ধান্ত, ধনৰ লেনদেনৰ পথ, প্ৰমাণৰ সৈতে খেলিমেলি সম্পৰ্কীয় বিৱৰণ জানিব বিচাৰে । বিচাৰপীঠে লগতে কয় যে, যেতিয়া নিয়মীয়া জামিন আবেদনৰ শুনানি হয়, তেতিয়া ধনৰ লেনদেনৰ পথ স্পষ্টভাৱে প্ৰতিষ্ঠা হোৱাটো বিচাৰে, যিটো কেন্দ্ৰীয় সংস্থাটোৰ শপতনামাৰ পৰা স্পষ্ট নহয় ।

এএছজি ৰাজুৱে কয় যে, ছিছোডিয়াৰ পত্নীয়ে অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্সৰ দ্বাৰা এক স্বতন্ত্ৰ মূল্যায়ন কৰা উচিত । বিচাৰপীঠে অৱশ্যে কয় যে যেতিয়ালৈকে তেওঁ এজন প্ৰতিষ্ঠিত চিকিৎসকৰ পৰামৰ্শ লৈ আছে, তেতিয়ালৈকে এই বিষয়ত জোৰ দিব নোৱাৰি । উল্লেখ্য যে, ছিছোডিয়া চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা জিম্মাত আছে আৰু চিবিআই আৰু প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) দুয়োৰে দ্বাৰা তদন্ত কৰা হৈছে ।

লগতে পঢ়ক : Modi surname case: ৰাহুল গান্ধীৰ ২ বছৰৰ কাৰাদণ্ডৰ স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে