Delhi student murder : বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাই কাল হ’ল যুৱতীৰ , প্ৰেমিকে ৰডেৰে মৰিয়াই হত্যা…
নেশ্যনেল ডেস্ক, ২৮ জুলাই : দিল্লীত শুকুৰবাৰে সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা(Delhi student murder) । দিল্লীৰ মালবিয়া নগৰত এগৰাকী কলেজীয়া ছাত্ৰীক ৰডেৰে আক্ৰমণ কৰাত ছাত্ৰীগৰাকীৰ থিতাতে মৃত্যু হয় (Delhi student murder) । দিল্লীৰ কমলা নেহৰু মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক এখন পাৰ্কৰ চৌহদৰ বাহিৰত আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে (Delhi Girl Beaten To Death For Refusing Marriage Proposal)।
আৰক্ষীৰ জনোৱা অনুসৰি , এই হত্যাকাণ্ডৰ সৈতে জড়িতৰ সন্দেহত তেওঁৰ ২৮ বছৰীয়া প্ৰেমিক ইৰফানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
প্ৰাথমিক তদন্ত অনুসৰি যুৱতীগৰাকী আৰু অভিযুক্তৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক । কিন্তু পৰিয়ালে তাই আৰু ইৰফানৰ বিয়াত অনুমোদন দিবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবেই যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ।
অভিযুক্তই আৰক্ষীক জনোৱা মতে, যুৱতীগৰাকীয়ে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই তেওঁক হত্যা কৰিবলৈ বাধ্য হৈছিল প্ৰেমিক যুৱকজন। দিল্লীৰ অৰবিন্দো কলেজৰ সমীপৰ এখন পাৰ্কত সংঘটিত হৈছে এই ঘটনা(Delhi Girl Beaten To Death For Refusing Marriage Proposal)। যুৱতীগৰাকী এজন বন্ধুৰ সৈতে পাৰ্কলৈ গৈছিল ।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি ভুক্তভোগীৰ পৰিয়ালে তেওঁলোকৰ বিবাহ নাকচ কৰাৰ লগতে ইৰফানৰ সৈতে যুৱতীগৰাকীৰ কথা পতা বন্ধ কৰি দিছিল । যুৱতীগৰাকীয়ে তেওঁৰ লগত কথা পতা বন্ধ কৰাৰ পিছতেই যুৱকজন বিচলিত হৈ পৰে । এইবাৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা ছাত্ৰীগৰাকীয়ে আগতে মালবিয়া নগৰত কোচিং ক্লাছ কৰিছিল ।
এই ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী উপ আয়ুক্ত (দক্ষিণ) আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া । আৰক্ষীয়ে ভুক্তভোগী যুৱতীগৰাকীৰ মৃতদেহৰ ওচৰত এডাল ৰড উদ্ধাৰ কৰাৰ লগতে মূৰত আঘাতৰ চিন পাইছে । হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰেমিক ইৰফানক জেৰা অব্যাহত ৰাখিছে ।
আৰক্ষীয়ে কয় যে, “আমি তথ্য লাভ কৰিছিলো যে দক্ষিণ দিল্লীৰ মালবিয়া নগৰৰ অৰবিন্দো কলেজৰ সমীপত ২৫ বছৰীয়া এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছে । কিশোৰীগৰাকীৰ মৃতদেহৰ ওচৰতে এডাল লোহাৰ ৰড উদ্ধাৰ কৰা হৈছে । প্ৰাথমিক তদন্ত অনুসৰি কিশোৰীগৰাকীক ৰডেৰে আক্ৰমণ কৰা হৈছিল। মূৰৰ পৰা যথেষ্ট তেজ ওলাই আছিল । ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে ।”
দিল্লী মহিলা আয়োগৰ স্বাতী মালিৱালে এই ঘটনা সন্দৰ্ভত টুইট কৰি কয় যে, “মালবিয়া নগৰৰ দৰে এক সভ্ৰান্ত অঞ্চলত এগৰাকী যুৱতীক ৰডেৰে প্ৰহাৰ কৰি হত্যা কৰা হৈছে । দিল্লী অত্যন্ত অসুৰক্ষিত । ই কাৰো বাবেই সুৰক্ষিত নহয় । কেৱল বাতৰিতহে যুৱতীৰ নাম সলনি কৰা হয়, কিন্তু অপৰাধ বন্ধ নহয়।”
আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি , “এই ঘটনাটো পাৰ্কৰ ভিতৰত সংঘটিত হৈছে। মৃত যুৱতীগৰাকী এগৰাকী কলেজীয়া ছাত্ৰী যি এজন বন্ধুৰ সৈতে পাৰ্কলৈ আহিছিল। মৃতকৰ মূৰত আঘাতৰ চিন ষ্পষ্ট।”
লগতে পঢ়ক : Woman shot dead in Delhi : দিল্লীৰ ৰাজপথত মহিলাক গুলীয়াই হত্যা, নিজেও আত্মহত্যা