Local, Vocal, Global

Delhi Flood : যমুনাৰ জলস্থৰ হ্ৰাস পাইছে, অহা দুদিনত পুনৰ বৰষুণৰ আগজাননী

নেশ্যনেল ডেস্ক,১৫ জুলাই : কাল ৰূপ ধাৰণ কৰাৰ পাছত যমুনা নৈৰ বাঢ়নী পানী কিছু পৰিমাণে হ্ৰায় পাইছে(Delhi Flood) । দিল্লীবাসীয়ে কিছু সকাহ পাইছে যদিও পুনৰ বৰষুণৰ আগজাননীয়ে শংকিত কৰিছে দিল্লীবাসীক । ইতিমধ্যে কেইবাটাও অঞ্চলত কালৰূপ ধাৰণ কৰা যমুনাৰ জলস্তৰ শনিবাৰে পুৱাৰে পৰা কিছু হ্ৰাস হোৱা দেখা গৈছে(Yamuna water level decreases) । অৱশ্যে প্ৰতি ঘণ্টাত মাত্ৰ কেই ছেণ্টিমিটাৰমানকৈহে নিম্নগামী হৈছে জলস্তৰ । এতিয়াও বিপদসীমাৰ পৰা দুই মিটাৰ ওপৰেৰে বৈ আছে যমুনা নদী (IMD) ।

জলস্তৰ নিম্নগামী হোৱাৰ লগে লগে দিল্লীবাসীয়ে কিছু সকাহ পাইছিল যদিও বতৰ বিজ্ঞান বিভাগৰ আগজাননীয়ে পুনৰ চিন্তিত কৰি তুলিছে দিল্লীবাসীক । ৰাজধানী আৰু সমান্তৱৰ্তী অঞ্চলত অধিক বৰষুণৰ ভৱিষ্যতবাণীৰ আশংকা কৰা হৈছে ।

কেন্দ্ৰীয় জল আয়োগৰ বান নিৰীক্ষণ পৰ্টেলৰ মতে বৃহস্পতিবাৰে নিশা ৮ বজাত যমুনাৰ জলস্তৰ ২০৮.৬৬ মিটাৰ শীৰ্ষৰ পৰা শনিবাৰে পুৱা ৭ বজালৈ ২০৭.৬২ মিটাৰলৈ হ্ৰাস পাইছে । যোৱা দুদিনত হাৰিয়ানাৰ যমুনানগৰৰ হাথনিকুণ্ড বেৰেজৰ পৰা জলপ্ৰবাহৰ হাৰ হ্ৰাস হোৱাৰ উপৰিও আগন্তুক দিনত ই অধিক হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে অহা দুদিনত চহৰখনত কম বেছি পৰিমাণে বৰষুণ আৰু পৰৱৰ্তী ৫ দিনত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । যদি এনে হয় তেনেহ’লে নদীৰ জলস্তৰ পুনৰ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।

বিশেষজ্ঞসকলৰ মতে দিল্লীত অধিক বৰষুণ হ’লে বৃহত্তৰ অঞ্চল জলমগ্ন হৈ পৰিব । ঠায়ে ঠায়ে পানী জমা হোৱাৰ ফলত পৰিস্থিতি আৰু জটিল হ’ব পাৰে । শুকুৰবাৰে যমুনা আৰু ইয়াৰ নলাবোৰৰ ফলক দুৰ্গন্ধযুক্ত পানী উচ্চতম ন্যায়ালয়, ৰাজ ঘাট আৰু আইটিঅ’ৰ ব্যস্ত পথবোৰত উপচি পৰিছিল ।

আনহাতে নৈৰ পানীয়ে লালকিল্লা, ৰাজঘাট, কাশ্মীৰী গেটকে ধৰি বহু অঞ্চল প্লাৱিত হৈ পৰিছে । চহৰখনৰ এটা মুখ্য বাছ টাৰ্মিনেল কাশ্মীৰে গেটো প্লাবিত হৈছিল । যাৰ বাবে বাছ টাৰ্মিনেলৰ ৰিং ৰোড একেৰাহে তিনি দিনৰ বাবে বন্ধ কৰি দিয়া হৈছিল । মহাত্মা গান্ধীৰ সমাধিস্থলৰ প্নেটফৰ্মলৈ পানী উঠিছে । দিল্লীত হালধীয়া এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক : Miracle in Israel : চিকিৎসকে এগৰাকী নাবালকৰ কটা মূৰ পুনৰ সংলগ্ন কৰিলে , জীৱন্তে ঘৰলৈ উভতিল…