Delhi CM Arvind Kejriwal will not appear before ED : আজিও ইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ সম্ভাৱনা নাই কেজৰিৱালৰ
নেশ্যনেল ডেস্ক, ১৯ ফেব্ৰুৱাৰী : ধাৰাবাহিকভাৱে ED ৰ চমন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ। পুনৰ দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতিৰ দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে ED য়ে । দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত সোধা-পোছাৰ বাবে ইডিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ নিৰন্তৰ চমন প্ৰেৰণ কৰি আছে (Delhi CM Arvind Kejriwal will not appear before ED) ।
১৭ ফেব্ৰুৱাৰীত ED কাৰ্য্যলয়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাউজ এভিনিউ আদালতত হাজিৰ হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ।
উল্লেখ্য যে, দিল্লীৰ আবকাৰী নীতিৰ গোচৰত একাধিক চমন জাৰি কৰিছিল মুখ্যমন্ত্ৰী গৰাকীলৈ । কিন্তু চমন লাভ কৰাৰ পিছতো বলবৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয়ত হাজিৰ হোৱা নাছিল মুখ্যমন্ত্ৰী গৰাকী । কিন্তু আজিও কেজৰিৱাল ইডিৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ সম্ভাৱনা নাই । কিয়নো অৰবিন্দ কেজৰিৱালে দিল্লী বিধানসভাৰ চলিত বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিব(Delhi excise policy case ) ।
উল্লেখ্য যে শনিবাৰে যেতিয়া তেওঁ ইডি গোচৰত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আদালতত হাজিৰ হৈছিল, তেওঁ জনাই যে বাজেট অধিৱেশন চলি থকাৰ বাবে তেওঁ ব্যস্ত হৈ আছে । নিশ্চিতভাৱে তেওঁ পৰৱৰ্তী শুনানিত উপস্থিত হ’ব । আদালতে তেওঁৰ পৰা যুক্তি বিচাৰিছিল । সেয়েহে, তেওঁ আজি সোধা-পোছাৰ বাবে মুখ্য কাৰ্যালয়লৈ নোযোৱাৰ সম্ভাৱনা আছে ।
ইফালে ED য়ে ১৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সোধা-পোছাৰ বাবে মুখ্য কাৰ্যালয়লৈ মতা হৈছিল । দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এই অভিযোগ আছে যে এই সুৰা নীতি সম্পৰ্কীয় খচৰা নীতি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত ৰচনা কৰা হৈছিল আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত তেওঁৰ সকলো খবৰ আছে ।
দিল্লী চৰকাৰৰ সুৰা নীতিৰ কেলেংকাৰীৰ তদন্ত কৰি থকা ইডিয়ে নৱেম্বৰ মাহত অৰবিন্দ কেজৰিৱাললৈ প্ৰথম চমন প্ৰেৰণ কৰিছিল । ইয়াৰ পিচত পঠোৱা সকলো চমনকে আওকাণ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । ইডিয়ে প্ৰেৰণ কৰা চমনৰ সলনি তেওঁ নিজৰ লিখিত উত্তৰ প্ৰেৰণ কৰি আহিছে ।
লগতে পঢ়ক : Cow theft Arrested in Bhawanipur : চুৰি কৰা গৰু বিক্ৰী কৰিবলৈ আহি ৰোষত পৰিল তিনি যুৱক