Local, Vocal, Global

Delhi CM Arvind Kejriwal summoned by ED : দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত নাম সাঙোৰ খাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

নিউজ ডেস্ক, ৩১অক্টোবৰ : এইবাৰ দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । এই গোচৰ সন্দৰ্ভত ED য়ে চমন জাৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক(Delhi CM Arvind Kejriwal summoned by ED) ।

দিল্লী আবকাৰী নীতিৰ গোচৰৰ তদন্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে আৰু এইবাৰ ED য়ে তেওঁলৈ চমন জাৰি কৰিছে। ইয়াৰ পূৰ্বে এই গোচৰৰ সন্দৰ্ভত কেজৰিৱালক চলিত বৰ্ষৰ এপ্ৰিল মাহত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমন কৰিছিল ৷ আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক CBIয়ে এই গোচৰত ৯ ঘণ্টাৰো অধিক সময় জেৰা কৰিছিল(Arvind Kejriwal summoned by ED on Nov 2 for questioning in excise policy case)।

উল্লেখ্য যে, ED য়ে আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সোধা-পোছাৰ বাবে অহা ২ নৱেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তলব কৰিছে। ইয়াৰ পূৰ্বে একেটা গোচৰতে কাৰাগাৰত আছে মনীষ ছিছ’দিয়া আৰু সঞ্জয় সিং। সোমবাৰে উচ্চতম ন্যায়ালয়ে মণীষ ছিছ’দিয়াৰ জামিন আবেদন অস্বীকাৰ কৰে ।

দৰাচলতে আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক PMLA অৰ্থাৎ ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত চমন জাৰি কৰা হৈছে আৰু সূত্ৰ অনুসৰি দিল্লীত গোচৰৰ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হোৱাৰ পিছত সংস্থাটোৱে মুখ্যমন্ত্ৰীৰ বক্তব্য লিপিবদ্ধ কৰিব(Delhi CM Arvind Kejriwal summoned by ED on Nov 2 in excise policy case)।

সোমবাৰে উচ্চতম ন্যায়ালয়ে মনীষ সিসোদিয়াক শ্বক দিয়াৰ সময়ত EDয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সোধা-পোছাৰ বাবে ফোন কৰিছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ দুখন পৃথক জামিন আবেদন নাকচ কৰে। ED য়ে দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত দাখিল কৰা চাৰ্জশ্বীটত অৰবিন্দ কেজৰিৱালৰ নাম কেইবাবাৰো উল্লেখ কৰি অভিযুক্ত আম আদমী পাৰ্টিৰ নেতাজন দিল্লী আবকাৰী নীতি ২০২১-২২ প্ৰস্তুত আৰু কাৰ্যকৰীত জড়িত আছিল বুলি উল্লেখ কৰিছে। কিন্তু পিছত এই আবকাৰী নীতি বাতিল কৰা হয়।

ইফালে দিল্লী বিজেপিয়ে কেজৰিৱালৰ পদত্যাগৰ দাবী জনাইছে ৷ছিছ’দিয়াক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতে দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় গোচৰত তেওঁৰ নিয়মীয়া জামিনৰ আবেদন নাকচ কৰে আৰু কয় যে বিষয়টোত 338 কোটি টকাৰ স্থানান্তৰ অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰা হৈছে ৷ইয়াৰ পিছতে বিজেপিয়ে বহু চৰ্চিত এই সুৰা কেলেংকাৰীত ধনৰ লেনদেনৰ কোনো প্ৰমাণ নাই বুলি কোৱাৰ লগে লগে বাৰে বাৰে কেজৰিৱালৰ পদত্যাগ বিচাৰে (Delhi CM Arvind Kejriwal summoned by ED on Nov 2 in excise policy case)৷

লগতে পঢ়ক :National Unity Day : আজি ৰাষ্ট্ৰীয় একতা দিৱস,ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী