Local, Vocal, Global

Delhi CM Arvind Kejriwal skips seventh ED summons : আজিও ED ৰ কাৰ্যালয়ত উপস্থিত নহ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী : আজিও ED ৰ কাৰ্যালয়ত উপস্থিত নাথাকিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Delhi CM Arvind Kejriwal skips seventh ED summons) ।

সোমবাৰ আৰ্থাত ২৬ ফেব্ৰুৱাৰীত দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল । কিন্তু পূৰ্বৰ দৰে সোমবাৰেও মুখ্যমন্ত্ৰীগৰাকী ইডি কাৰ্যালয়ত উপস্থিত নাথাকিল । আম আদমি পাৰ্টীৰ মতে বিষয়টো আদালতত আছে । আদালতত পৰৱৰ্তী শুনানি ১৬ মাৰ্চত হ’ব । আপৰ মতে দৈনিক চমন প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ইডিয়ে আদালতৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰা উচিত(Delhi CM Arvind Kejriwal skips 7th ED summons in liquor case) ।

ইফালে আম আদমি পাৰ্টীৰ নেতা সৌৰভ ভৰদ্বাজে কয় যে এতিয়া এই বিষয়টো আদালতৰ বিবেচনাধীন । সেয়েহে ইডিয়ে প্ৰেৰণ কৰা চমনৰ কোনো অৰ্থ নাই । সেয়েহে, সোমবাৰেও ইডিয়ে প্ৰেৰণ কৰা চমনত অৰবিন্দ কেজৰিৱাল উপস্থিত হোৱাৰ বিষয়ে সন্দেহ আছে ।

উল্লেখ্য যে, ২১ ফেব্ৰুৱাৰীত পুনৰ ED য়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ নতুন চমন প্ৰেৰণ কৰিছিল আৰু ২৬ ফেব্ৰুৱাৰীত তেওঁক সোধা-পোছাৰ বাবে মুখ্য কাৰ্যালয়লৈ মাতি পঠিয়ায় । অভিযোগ অনুসৰি দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতিৰ দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছিল ED য়ে । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটাৰ পিচত এটাকৈ প্ৰেৰণ কৰা সকলো চমনক অবৈধ বুলি অভিহিত কৰিছে । আনহাতে তেওঁ ইডিৰ দ্বাৰা প্ৰেৰণ কৰা চমনৰ সলনি তেওঁৰ লিখিত উত্তৰ প্ৰেৰণ কৰি আহিছে ।

লগতে পঢ়ক : After rhino attack, Majuli forest dept issues alert :মাজুলীত ৰেড এলাৰ্ট জাৰি ; বন বিভাগে জাৰি কৰিছে এলাৰ্ট