Local, Vocal, Global

Delhi CM Arvind Kejriwal granted bail in ED summons case : EDৰ গোচৰত জামিন মঞ্জুৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

নিউজ ডেস্ক, ১৬ মাৰ্চ : EDৰ গোচৰত জামিন মঞ্জুৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । আবকাৰী কেলেংকাৰী গোচৰত দিল্লীৰ ৰাউজ এভিনিউ আদালতে জামিন মঞ্জুৰ কৰিলে। আজি আদালতত হাজিৰ হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(Delhi CM Arvind Kejriwal appears before court in ED summons case, gets bail)।

উল্লেখ্য যে, ED য়ে কেজৰিৱালৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। ED ৰ অভিযোগ অনুসৰি অৰবিন্দ কেজৰিৱালৰে দিল্লীৰ আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত ৮ বাৰকৈ চমন জাৰি কৰাৰ পিছতো উপস্থিত হোৱা নাছিল EDৰ কাৰ্যালয়ত(Delhi CM Arvind Kejriwal granted bail in ED summons case )।

বৃহস্পতিবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে ১৬ মাৰ্চত কেজৰিৱালক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সেই নিৰ্দেশ অনুসৰি আজি আদালতত হাজিৰ হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

লগতে পঢ়ক : SEBA To Begin Online Registration For Class IX From April : লাখ লাখ শিক্ষাৰ্থীৰ বাবে SEBAৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা