Local, Vocal, Global

Mobile exploded inside plane : বিমানৰ ভিতৰতে বিস্ফোৰণ ঘটিল মোবাইল, জৰুৰীকালিনভাৱে অৱতৰণ

নেশ্যনেল ডেস্ক, ১৮ জুলাই : বিমানৰ ভিতৰত ভয়ংকৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ । উদয়পুৰৰ পৰা দিল্লীলৈ অভিমুখে গৈ থকা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত এজন যাত্ৰীৰ মোবাইল ফোন বিস্ফোৰণ ঘটে (Mobile exploded inside plane)। ফলত জৰুৰীকালিনভাৱে অৱতৰণ কৰে । চেলফোনত হোৱা বিস্ফোৰণে যাত্ৰীসকলক বিশৃংখলতাৰ সৃষ্টি কৰে(Mobile exploded inside plane) । উদয়পুৰৰ ডাবক বিমানবন্দৰৰ পৰা জেট বিমানখন দিল্লী অভিমুখে ৰাওনা হোৱাৰ কিছু সময়ৰ পাছতে ফোনটো বিস্ফোৰণ ঘটে বুলি জানিব পৰা গৈছে ।

ইয়াৰ পিছত পাইলটে পলম নকৰি যাত্ৰীৰ সুৰক্ষাৰ খাতিৰত ক্ষীপ্ৰতাৰে বিমানখন জৰুৰীকালীনভাবে অৱতৰণ কৰে ।

সূত্ৰ অনুসৰি বিমানখনত ১৪০ গৰাকী যাত্ৰী আছিল। বৰ্তমান সকলো যাত্ৰী সুৰক্ষিত।

এইদৰে জৰুৰীকালীনভাবে অৱতৰণ কৰাৰ পিছত উদয়পুৰ বিমানবন্দৰত বিমানখন পৰীক্ষা কৰাৰ পিছত পুনৰ দিল্লীলৈ ৰাওনা হ’বলৈ অনুমতি দিয়া হয়। অৱশ্যে যাত্ৰীগৰাকীৰ মোবাইলৰ বেটাৰীটো কেনেদৰে বিস্ফোৰণ হ’ল তাৰ তদন্ত চলি আছে ।

সূত্ৰ অনুসৰি ৰাজস্থানৰ উদয়পুৰৰ পৰা দিল্লী অভিমুখে দিনৰ ১ বজাত এয়াৰ ইণ্ডিয়াৰ বিমান খনে উৰা মাৰিছিল ।

উৰণ আৰম্ভ হোৱা কিছু সময়ৰ পিছতে যাত্ৰীজনৰ মোবাইল ফোনটোৰ বেটাৰীটোৰ বিস্ফোৰণ ঘটে । যদিহে বেটাৰীটোৰ পৰা জুই নিৰ্গত হ’লহেতেঁন তেতিয়া ডাঙৰ অঘটন হ’ল হয় । সেয়ে পাইলটে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীভাবে বিমানখন অৱতৰণ কৰে।

কাৰণ আকাশৰ মাজভাগত যদি কোনো সমস্যা হয়, তেন্তে তাৰ সৈতে আৰু মোকাবিলা কৰিব পৰা নাযায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২২ চনৰ এপ্ৰিল মাহত ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী এখন বিমানত এটা মোবাইলৰ বেটাৰী জ্বলি উঠিছিল। মোবাইলটো গৰম হৈ যোৱাৰ বাবে বেটাৰীটো জ্বলি উঠিছিল। অৱশ্যে লগে লগে বিমানখনৰ কেবিন ক্ৰুৱে শীঘ্ৰে জুই নিৰ্বাপন কৰে ।

লগতে পঢ়ক : Explosion in a paint industry : ভয়ংকৰ বিস্ফোৰণ, ১৪জনকৈ লোক গুৰুতৰভাৱে অগ্নিদগ্ধ