Local, Vocal, Global

Bike Taxi Banned : কিয় নিষিদ্ধ হ’ল ওলা, উবেৰ আৰু ৰেপিডো বাইক টেক্সি সেৱা?

নেশ্যনেল ডেস্ক, ১৩ জুন : উচ্চতম ন্যায়ালয়ে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত বাইক টেক্সি সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা পুনৰ স্থাপন কৰে, যাৰ ফলত ওলা, ৰেপিডো আৰু উবেৰৰ দৰে এগ্ৰিগেটৰসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে (Bike Taxi Ban) ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দিল্লী পৰিবহণ বিভাগে এক অধিসূচনা জাৰি কৰি অলা, উবেৰ আৰু ৰেপিডোৰ দৰে এগ্ৰিগেটৰে প্ৰদান কৰা বাইক টেক্সি সেৱা নিষিদ্ধ কৰিছিল। মহাৰাষ্ট্ৰতো একেধৰণৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে দিল্লী চৰকাৰে এই সেৱাসমূহৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উবেৰ, ৰেপিডোৰ দৰে এপ কেব কোম্পানীসমূহে উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খাইছে । দিল্লীৰ ৰাজপথত আৰু বাইক-টেক্সি নচলিব । ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ৰেপিডো আৰু উবেৰক দিল্লীত বাইক-টেক্সি চলাবলৈ অনুমতি দিয়াৰ লগতে এই বাইক-টেক্সি কোম্পানীসমূহৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিছিল (Delhi Supreme Court)।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ৰাজেশ ভিন্দলৰ বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে দিল্লী চৰকাৰে বাইক-টেক্সি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি নকৰালৈকে ৰাজধানীত এনে বাইক-টেক্সি চলাচল কৰিবলৈ দিয়া নহ’ব ।

ইয়াৰ পূৰ্বে দিল্লী চৰকাৰে ৩০ জুনৰ ভিতৰত দুচকীয়া যাত্ৰীবাহী বাণিজ্যিক বাহনৰ নীতি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছিল।

চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লী চৰকাৰে বাইক-টেক্সি সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল। চৰকাৰে ওলা, উবেৰ, ৰেপিডোৰ দৰে কোম্পানীক সকীয়াই দিছিল যে মটৰ গাড়ী আইন ১৯৮৮ অনুসৰি দুচকীয়া বাহন ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে বাইক-টেক্সি নিষিদ্ধ কৰা হৈছে ।

এই গোচৰত প্ৰথমবাৰৰ বাবে আইন উলংঘা কৰিলে ৫ হাজাৰ টকা জৰিমনা আৰু দ্বিতীয়বাৰ উলংঘা কৰিলে ১০ হাজাৰ টকা জৰিমনা আৰু এবছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব বুলি দিল্লী পৰিবহণ বিভাগে জানিবলৈ দিয়ে। লগতে ৩ মাহৰ বাবে ড্ৰাইভিং লাইচেন্স স্থগিত ৰখাৰ কথাও অৱগত কৰা হয় ।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত উবেৰ আৰু ৰেপিডোৱে গোচৰ ৰুজু কৰে । দিল্লী উচ্চ ন্যায়ালয়ে কয় যে, যেতিয়ালৈকে চৰকাৰে এই সন্দৰ্ভত চূড়ান্ত নীতি নিৰ্ধাৰণ নকৰে, তেতিয়ালৈকে বাইক-টেক্সি কোম্পানীসমূহৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব।

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল দিল্লীৰ আপ চৰকাৰে । যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছিল। সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত হাজিৰ হয় অতিৰিক্ত ছলিচিটৰ জেনেৰেল সঞ্জয় জৈনে ।

সঞ্জয় জৈনে জনোৱা অনুসৰি বাইক-টেক্সি কোম্পানীসমূহৰ বাবে পৃথক অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতি প্ৰণয়ন কৰাটো কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহৰ ওপৰত এৰি দিয়া হৈছে । উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতে দিল্লী চৰকাৰে বাইক টেক্সি কোম্পানীক অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতি প্ৰণয়ন কৰি আছে। এনে পৰিস্থিতিত বাইক-টেক্সিৰ চলাচল বন্ধ কৰিব লাগে।

এই সন্দৰ্ভত চৰকাৰী অধিসূচনাৰ ওপৰত উচ্চ ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশৰ আদেশ অযুক্তিকৰ। সেয়েহে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে।

লগতে পঢ়ক : CM urges Transport Department : জিলা পৰিবহণ বিষয়াক যান-বাহন আইন কঠোৰভাৱে বলবৎকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ