Local, Vocal, Global

Defence Minister Rajnath Singh to Attend 21st Convocation : দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

নিউজ ডেস্ক, ৩১ ডিচেম্বৰ : ৩১ ডিচেম্বৰ অৰ্থাত আজি তেজপুৰলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।(Defence Minister Rajnath Singh to Attend 21st Convocation ) ।

উল্লেখ্য য়ে, বিশ্ববিদ্যালয়খনৰ ২১ সংখ্যক সমাৱৰ্তনত বিশ্ববিদ্যালয়ে ১৩৩৫ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰিব । এই উপলক্ষে মুখ্য অতিথি হিচাপে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব আৰু সমাৱৰ্তনৰ ভাষণ প্ৰদান কৰিব বুলি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়ে (Defence Minister Rajnath Singh to be chief guest of Tezpur University convocation)।

উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ৭৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক স্নাতকোত্তৰ (পি জি) ডিগ্ৰী, ৪২৮ জনক স্নাতক (ইউ জি) ডিগ্ৰী, ৫ জনক পি জি ডিপ্ল’মা, ১০০ জনতকৈ অধিকক পি এইচ ডি ডিগ্ৰী, আৰু ২৩ গৰাকীক দূৰত্ব আৰু অনলাইন শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰাৰ সম্ভাৱনা আছে(Defence Minister Rajnath Singh to Attend 21st Convocation of Tezpur University in Today) ।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এয়া দ্বিতীয়বাৰৰ বাবে তেজপুৰ ভ্ৰমণ । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ অক্টোবৰ মাহত বিজয়া দশমী উপলক্ষে তেজপুৰত ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ সেনাৰ ঘাটিত উপস্থিত হৈ সেনাবাহিনীক উৎসাহিত কৰাৰ লগতে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙো ভ্ৰমণ কৰিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । বিজয়া দশমীৰ লগত সংগতি ৰাখি ভাৰত চীন সীমান্তত ভাৰতীয় সেনাৰ দ্বাৰা আয়োজন কৰা অস্ত্ৰ পূজাত অংশগ্ৰহণ কৰিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Journalist Among Several Killed in Tragic Road Accidents : এক মৰ্মান্তিক দুৰ্ঘটনা ; শিল ভৰ্তি ডাম্পাৰে প্ৰাণ কাঢ়িলে সংবাদকৰ্মীৰ