Local, Vocal, Global

WATCH | Deer rescued at Sootea : চতিয়াত হৰিণা পহু উদ্ধাৰ

চতিয়া,৫মাৰ্চ : চতিয়াত হৰিণা পহু উদ্ধাৰ ৷ আজি পুৱা চতিয়াৰ দক্ষিণ অঞ্চলৰ কলাকাটী গাৱঁত উদ্ধাৰ হয় পহুটো ৷

কলাকাটি গাৱঁৰ আলি হুছেইন নামৰ লোক জনৰ ঘৰত উদ্ধাৰ হয় পহুটো৷ লোকজনৰ ঘৰৰ পিছ ফালে পৰিয়ালৰ লোকে পহুটো প্ৰত্যক্ষ কৰি লগে লগে বন বিভাগক খবৰ দিয়াত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ এক সজাতি দল উপস্থিত হৈ হৰিণা পহুটো সংগ্ৰহ কৰি লৈ যায়৷

উল্লেখ্য যে খাদ্যৰ সন্ধানত পহুটো কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে(Deer rescued at Sootea) ৷

লগতে পঢ়ক :WATCH | Jhumoir Binandini : ঝুমুৰে ৬ সহস্ৰাধিক শিক্ষাৰ্থীৰ কাঢ়িলে মূল্যৱান শিক্ষাবৰ্ষ