Local, Vocal, Global

Decomposed Body Recovered from Drain Near Janata Bhawan : নলাত পৰি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

নিউজ ডেস্ক,১৬মে’ : পুনৰ মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Decomposed Body Recovered from Drain Near Janata Bhawan)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।

যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।

এইবাৰ মহানগৰীৰ দিছপুৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ । দিছপুৰৰ SBI শাখাৰ সন্মুখৰ নলাত উদ্ধাৰ হৈছে মৃতদেহটো।

জানিব পৰা মতে, নলাত পৰি থকা অৱস্থাত ষ্টেট বেংকৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো ।তাৰ পিছতে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে(Decomposed Body Recovered from Drain Near Janata Bhawan) ।

লগতে পঢ়ক : Bus falls into ditch in Assam’s Kaziranga : দ’ খাৱৈত বাগৰি পৰিল নৈশ বাছ