Local, Vocal, Global

Decomposed Body of Youth Recovered from Drain : মহানগৰীৰ নুনমাটিত উদ্ধাৰ অচিনাক্ত মৃতদেহ

নিউজ ডেস্ক,২৯ এপ্ৰিল : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ(Decomposed Body of Youth Recovered from Drain in Noonmati) ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Decomposed Body of Youth Recovered from Drain)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।

যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।

পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ ।গুৱাহাটীৰ নুনমাটিত উদ্ধাৰ মৃতদেহটো ।

জানিব পৰা মতে, নুনমাটিৰ নেপালী চ’কৰ নলাত উদ্ধাৰ হয় মৃতদেহটো । বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতদেহটো।

কোনো লোকে হত্যা কৰি মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ । এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় নুনমাটি আৰক্ষী ।মৃতদেহ উদ্ধাৰক লৈ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য।
বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Rajnath Singh to file nomination from Lucknow today : আজি ৰাজনাথ সিঙে দাখিল কৰিব মনোনয়ন পত্ৰ