Deboraj Upadhyay appointed APSC chairman: দেৱৰাজ উপাধ্যায়ক APSCৰ নতুন অধ্যক্ষ নিযুক্তি

নিউজ ডেস্ক,৮জানুৱাৰী : APSCৰ নতুন অধ্যক্ষ নিযুক্তি। দেৱৰাজ উপাধ্যায়ক APSCৰ নতুন অধ্যক্ষ নিযুক্তি। অৱসৰপ্রাপ্ত IPS বিষয়া দেৱৰাজ উপাধ্যায়।
মঙলবাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে এক নির্দেশনাযোগে দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ অধ্যক্ষ হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে(Deboraj Upadhyay appointed APSC chairman)।
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পূৰ্বৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ২ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰাৰ পাছতেই অধ্যক্ষ পদটো খালী হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত আয়োগৰ জ্যেষ্ঠ সদস্য প্রাক্তন আৰক্ষী বিষয়া দেৱৰাজ উপাধ্যায়ক নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় । ৰাজ্য চৰকাৰে অধ্যক্ষৰ লগতে দুগৰাকী জ্যেষ্ঠ আমোলাক অসম লোকসেৱা আয়োগৰ নতুন সদস্য পদত নিযুক্তি দিয়ে ।
মুখ্য সচিবৰ কাৰ্যালয়ৰ সমন্বয়ক সচিব পদত কৰ্মৰত আই এ এছ বিষয়া ভাস্কৰ ফুকনক অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে । সেইদৰে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সচিব পদত কৰ্মৰত এ চি এছ বিষয়া মৃগেশ নাৰায়ণ বৰুৱাকো আয়োগৰ সদস্য পদত নিযুক্তি দিয়া হৈছে । চাকৰিৰ জীৱনৰ পৰা অৱসৰ ল’বলৈ কেইটামান মাহ বাকী থকা অৱস্থাত বিষয়াদ্বয়ক এ পি এছ চিৰ সদস্য পদত নিযুক্তি দিয়া হৈছে ।