Anantnag terror operation : অব্যাহত আছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ
নেশ্যনেল ডেস্ক, ১৮ছেপ্টেম্বৰ : অব্যাহত আছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ । সন্ত্ৰাসবাদীক বিচাৰি নিৰাপত্তা বাহিনীয়ে দুৰ্গম অঞ্চলবোৰত অভিযান চলাই আছে । উল্লেখ্য যে, সন্ত্ৰাসবাদীসকলে আত্মগোপনৰ বাবে ব্যৱহাৰ কৰা অনন্তনাগৰ গভীৰ অৰণ্য আৰু দুৰ্গম অঞ্চলবোৰ একপ্ৰকাৰ যেন সন্ত্ৰাসবাদীৰ দুৰ্গ হৈ পৰিছে । সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত এতিয়ালৈ ৪ জন সুৰক্ষা কৰ্মীৰ শ্বহীদ হৈছে(Deaths Of Soldiers Killed In Anantnag Will Be Avenged) ।
দেওবাৰে নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদী বিৰোধী অনুসন্ধান অভিযান পঞ্চমটো দিনত প্ৰৱেশ কৰিছে । বিগত কেইদিনমান ধৰি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসাবাদীৰ মাজত ড্ৰোণ আৰু গধুৰ আৰ্টিলাৰীৰ নিখুঁত আক্ৰমণ চলি আছে । অনন্তনাগৰ পাহাৰীয়া অঞ্চলত আত্মগোপন কৰা সন্ত্ৰাসবাদীক বিচাৰি ড্ৰোণৰ জৰিয়তে অভিযান চলাই আছে । ইয়াৰ মাজতে শনিবাৰে নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত ৩ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে । জানিব পৰা মতে, পাকিস্তানী সেনাই এটা সন্ত্ৰাসবাদীক পলাই যোৱাত সহায় কৰিবলৈ কভাৰ ফায়াৰ কৰিছিল9Anantnag terror operation) ।
এই সংঘৰ্ষৰ মাজতে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই কয় যে, দুগৰাকী জ্যেষ্ঠ বিষয়াকে ধৰি সৈনিকসকলৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব(Deaths of soldiers in Anantnag encounter will be avenged) । শ্ৰীনগৰৰ এছকেআইচিচিত ‘হাম চাব এক হে’ শীৰ্ষক অনুষ্ঠানত ভাষণত লেফটেনেণ্ট গৱৰ্ণৰে কয় যে প্ৰশাসনে অঞ্চলটোত শান্তি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদৰ পৰা মুক্ত হ’ব বিচাৰে ।
শ্ৰীনগৰৰ এছকেআইচিচিত ‘হাম চাব এক হে’ শীৰ্ষক অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও অংশগ্ৰহণ কৰে ।লগতে পাকিস্তানী সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ সন্দৰ্ভত লেফটেনেণ্ট গৱৰ্ণৰে কয় যে, সৈনিকসকলৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব । লগতে ইয়াৰ লগত জড়িতসকলক উপযুক্ত উত্তৰ দিয়া হ’ব । সমগ্ৰ দেশ আজি দেশৰ সাহসী সৈনিকসকলৰ সৈতে থিয় হৈ আছে । তেওঁ লগতে কয় যে, সকলোৱে অঞ্চলটোত সন্ত্ৰাসবাদক পৰাস্ত কৰিবলৈ আৰু নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি লোৱা উচিত । উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এই অঞ্চলৰ অৱদান আন কোনো ৰাজ্যতকৈ কম নহয় বুলি গৱৰ্ণৰে দাবী কৰে ।
লগতে পঢ়ক :Dead body recovered : সোণাপুৰৰ কমাৰকুছিত মৃতদেহ উদ্ধাৰ