Deaths In Flooded Coaching Basement : ৰাজধানী দিল্লীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু তিনিগৰাকী ছাত্ৰীৰ

নিউজ ডেস্ক,২৮ জুলাই : ৰাজধানী দিল্লীত প্ৰচণ্ড বৰষুণৰ মাজতে অঘটন(Deaths In Flooded Coaching Basement)।
ৰাজধানী দিল্লীত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বুৰ হৈছে ৰাজধানী চহৰৰ কেইবাটাও অঞ্চল।ব্যাহত হৈ পৰিছে সাধৰণ জনজীৱন । ঠায়ে ঠায়ে আৱদ্ধ হৈ পৰিছে লোক।
ধাৰাষাৰ বৰষুণৰ ফলত পুৰণি ৰাজেন্দ্ৰ নগৰৰ এটা কোচিং চেণ্টাৰৰ বেছমেণ্টত ২গৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ ৪ঘন্টাৰো অধিক সময় পানীত আৱদ্ধ হৈ পৰে । আৱদ্ধ হৈ পৰা ছাত্ৰ-ছাত্ৰী কেইগৰাকী বিদ্যুৎস্পৃষ্ট হৈ তিনিগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে(3 Students Dead After Flooding In Delhi Coaching Centre Basement)।
এই ঘটনা সংঘটিত হোৱাৰ পিছে উক্ত স্থানত এন ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
লগতে পঢ়ক : Assam Heartthrob Zubeen Garg Admitted To Hospital : হঠাৎ অসুস্থ হাৰ্টথ্ৰব জুবিন গাৰ্গ