Mohali building collapse:পঞ্জাবৰ মোহালিত খহি পৰিল কেইবামহলীয়া নিৰ্মীয়মান অট্টালিকা
নেশ্যনেল ডেস্ক,২২ডিচেম্বৰ : শনিবাৰে দৃষ্টি বাৰ্মা নামৰ এগৰাকী মহিলাক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছিল যদিও পিছত তেওঁৰ মৃত্যু হয় । ইফালে দেওবাৰে পুনৰ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
পঞ্জাবৰ মোহালিত ভয়ংকৰ দুৰ্ঘটনা । শনিবাৰে পঞ্জাবৰ মোহালিত হঠাৎ খহি পৰিল কেইবামহলীয়া নিৰ্মীয়মান অট্টালিকা । নিৰ্মীয়মান অট্টালিকাটো খহি পৰাৰ ফলত কেইবাগৰাকী লোক অট্টালিকাৰ ধ্বংসস্তূপ আবদ্ধ(Mohali building collapse)।
জানিব পৰা মতে, এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । দেওবাৰেও পুৱাৰে পৰা ভাৰতীয় সেনা আৰু এনডিআৰএফৰ কৰ্মীসকলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । অভিযানত দেওবাৰে পুৱালৈ ধ্বংসাৱশেষৰ পৰা ২ টাকৈ মৃতদেহ উদ্ধাৰ কৰে(Death toll rises to 2 in Mohali building collapse)।
ঘটনা সন্দৰ্ভত ডিএছপি হৰচিমৰণ সিং বালে কয়, “ক্লিয়াৰেন্স অপাৰেচন চলি আছে । আমি ভৱনটোৰ মালিকসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছো ।”
ইফালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । X ৰ এটা পোষ্টত জড়িয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “চাহিবজাদা অজিত সিং নগৰৰ (মোহালি) সোহানাৰ ওচৰত এটা বহুমহলীয়া অট্টালিকা খহি পৰাৰ দুখজনক খবৰ পাইছো । ঘটনাস্থলীত প্ৰশাসন আৰু অন্যান্য উদ্ধাৰ অভিযানকাৰী দল মোতায়েন কৰা হৈছে । মই প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগত আছো । আমি প্ৰাৰ্থনা কৰো যাতে কোনো প্ৰাণ হানি নহয়, অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব । লোকসকলক প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ অনুৰোধ কৰা হৈছে ।”
X ৰ এটা পোষ্টত ভাৰতীয় সেনাই কয়, “ভাৰতীয় সেনাই ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাইছে । সমন্বিত প্ৰচেষ্টাৰ এক উল্লেখযোগ্য প্ৰদৰ্শনত এনডিআৰএফ আৰু ৰাজ্যিক উদ্ধাৰকাৰী দলৰ সৈতে ভাৰতীয় সেনাৰ দলে নিৰন্তৰভাৱে কাম কৰি আছে । ধ্বংসাৱশেষ চাফা কৰা মেচিন আৰু এস্কেভেটৰৰ সৈতে অভিযন্তা টাস্ক ফ’ৰ্চ স্থানটোত কাৰ্যক্ষম হৈ আছে ।”