Local, Vocal, Global

Kerala Wayanad Landslide : কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন;মৃতকৰ সংখ্যা ১৫০ গৰাকীলৈ বৃদ্ধি

নিউজ ডেস্ক,৩১জুলাই : কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন ! মৃতকৰ সংখ্যা ১৫০ গৰাকীলৈ বৃদ্ধি ।

প্ৰশাসনে সদৰি কৰা অনুসৰি, ১২৮গৰাকী লোক প্ৰাকৃতিক এই প্ৰলয়ত আঘাতপ্ৰাপ্ত হৈছে। কোটি কোটি টকাৰ ঘৰ-বাৰী, গাড়ী-মটৰ এতিয়াও মাটিৰ তলতেই আছে।ভাৰতীয় সেনা, এছ ডি আৰ এফৰ লগতে নৌ সেনাৰ কেইবাটাও দলে এই উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে। আহতসকলৰ চিকিতসা ৱায়নাডৰ WIMS হাস্পতালত হৈ আছে। এই ঘটনাৰ বাবে ইতিমধ্যে ৰাজ্যখনত দুদিনীয়া চৰকাৰী শোক দিৱসৰ ঘোষণা কৰিছে চৰকাৰে(Kerala Wayanad Landslide)।

ইফালে ধাৰাসাৰ বৃষ্টিপাতে উদ্ধাৰ অভিযানতো ব্যাঘাত জন্মাইছে। বৰষুণ নকমিলে ভূমিস্খলনত আগন্তুক কেইবাঘণ্টাত পৰিস্থিতি আৰু অধিক বেয়ালৈ ঢাল খাব পাৰে। ইতিমধ্যে উদ্ধাৰ অভিযানত নামি পৰিছে ভাৰতীয় সেনাবাহিনী। একে সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ ৱায়ানাড়সহ কেইবাখনো জিলাত আগন্তুক ঘণ্টাত মূষলধাৰ আৰু প্ৰবল বৃষ্টিপাতৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰে’ড এলাৰ্ট।

এই ঘটনাৰ খবৰ লৈ যোৱা কেৰালাৰ স্বাস্থমন্ত্ৰী গৰাকীও দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে। এনে পৰিস্থতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে যে, ৱায়নাডত আগন্তুক কেইবাদিনলৈ বৰষুণ অব্যাহত থাকিব। ৱায়নাডত ৰেল এৰ্লাট জাৰি কৰি থৈছে বতৰ বিজ্ঞান বিভাগে(death toll rises to 150, as rescue operations are underway)।

বুধবাৰে ভূমিস্খলনৰ কবলত পৰা ৱায়ানাড়লৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা আছিল বিৰোধী দলপতি ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। কিন্তু প্ৰতিকূল বতৰৰ বাবে বুধবাৰে তেওঁলোকৰ ভ্ৰমণসূচী সাময়িকভাৱে বাতিল কৰিছে। সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে পোষ্ট কৰি কয় যে প্ৰবল বৃষ্টিপাতৰ বাবে আকাশীপথেৰে ৱায়ানাড়ত উপস্থিত হোৱাতো সম্ভৱ নহ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা তেওঁক জনোৱা হৈছে। সেয়েহে তেওঁলোকে বুধবাৰৰ ভ্ৰমণসূচী বাতিল কৰিছে। বতৰ পৰিস্থিতি কিছু উন্নত হ’লেই তেওঁলোক গৈ ৱায়ানাড়ত উপস্থিত হ’ব বুলি জানিবলৈ দিছে ৰাহুল গান্ধীয়ে।

লগতে পঢ়ক : Massive fire breaks out in Lakhimpur : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত চাৰিখন নতুন গাড়ীসহ বহু পৰিমাণৰ গাড়ীৰ যন্ত্র-পাতি