Bangladesh Protests : ৰক্তাক্ত বাংলাদেশ;মৃতকৰ সংখ্যা ৩০০জনলৈ বৃদ্ধি

নিউজ ডেস্ক,৫আগষ্ট : ৰক্তাক্ত বাংলাদেশ। পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা বাংলাদেশত জাৰি কৰা হৈছে সান্ধ্য আইন। ৰাজপথত বাংলাদেশৰ ছাত্ৰ-যুৱসমাজ(Bangladesh Protests)।
বাংলাদেশৰ আগশাৰীৰ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যে এই ঘটনাত এতিয়ালৈকে ৩০০ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে আন বিভিন্ন সূত্ৰই দাবী কৰিছে যে এই সংখ্যা শতাধিক হ’ব। বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি নিহতসকলৰ ভিতৰত ১৪ জন আৰক্ষীও আছে(Death toll in fresh violence at least 300)।
সমগ্ৰ দেশখনৰ বহু ঠাইত সংঘৰ্ষ অব্যাহত আছে। এই কাৰ্যসূচীত এতিয়ালৈকে মুনছিগঞ্জত ৩ জন, বগৰাত ৩ জন, মাগুৰাত ৩ জন, পাবনাত ২ জন, কমিল্লাত ১ জন, ভোলাত ৩ জন আৰু ৰংপুৰত ৩ জন লোক আৰু মুঠ ২৮ জন লোকৰ মৃত্যু হৈছে। বহুকেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
দেওবাৰে দুপৰীয়া ১ বজাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱে (IIG) প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে।বাংলা দেশত থকা ভাৰতীয় সকলক সাৱধানতা অৱলম্ব কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক : Assam singer Anupam Saikia meets with car accident in Samaguri : শিল্পী অনুপম শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত