Death toll from 7.5 magnitude rises to 57 : জাপানত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ৫৭ জনলৈ বৃদ্ধি; উদ্ধাৰ অভিযান অব্যাহত

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩ জানুৱাৰী : সোমবাৰে জাপানত হোৱা প্ৰৱল ভূমিকম্পৰ ফলত নিহত সংখ্যা বৃদ্ধি । নবৱৰ্ষৰ প্ৰথম দিনটোতে প্ৰৱল ভূইকঁপে জোকাৰি গৈছিল জাপান(Japan Earthquake)।
সোমবাৰে জাপানত ৭.৫ প্ৰাৱল্যৰ প্ৰৱল ভূঁইকপে জোঁকাৰি যোৱাৰ পাছতে বিস্তৰ ক্ষতি সাধন দেশখনৰ বিভিন্ন চহৰৰ ৷দেশখনত বৰভূঁইকপৰ ফলত ক্ৰমাত নিহতৰ সংখ্যা বৃদ্ধি পাইছে ৷
জাপানৰ সংবাদমাধ্যম এন এইচ কে ৱৰ্ল্ডে ইশিকাৱা প্ৰিফেকচাৰৰ বিষয়াসকলৰ উদ্ধৃতি দি কয় যে, সোমবাৰে দেশখনক হোৱা ৭.৫ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ৫৭ লৈ বৃদ্ধি পাইছে । প্ৰৱল ভূমিকম্পটোৱে ইশিকাৱাৰ কেন্দ্ৰীয় প্ৰান্তৰ নোটো উপদ্বীপক জোকাৰি গৈছিল(Death toll from 7.5-magnitude earthquake in Japan rises to 57) ৷
ইফালে ভূমিকম্পৰ পিছত ২৪ ঘণ্টাতকৈও অধিক সময়ৰ বাবে নোটো উপদ্বীপৰ উত্তৰ অঞ্চলটোলৈ পৰ্যটকক যোৱাত কিছু বাধা প্ৰদান কৰা হৈছিল(Death toll from 7.5 magnitude rises to 57) ৷
আনহাতে জাপানৰ বতৰ বিজ্ঞান সংস্থাই ভূমিকম্পৰ ফলত ছুনামি হ’ব পাৰে বুলি সতৰ্কতা জাৰি কৰিছিল ৷
মঙলবাৰে জাপান বতৰ বিজ্ঞান সংস্থাই দেশখনৰ পশ্চিম উপকূলৰ কিছু অংশত সম্ভাৱনা থকা সকলো ছুনামি পৰামৰ্শ বাতিল কৰে ।
দেশখনৰ অগ্নি নিৰ্বাপক বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি, ৱাজিমা চহৰত ঘৰসহ ২৫ টা অট্টালিকা খহি পৰিছে ৷
এন এইচ কে ৱৰ্ল্ডে জনোৱা অনুসৰি, ভূমিকম্পৰ পাছতে ৱাজিমা চহৰৰ মূল কেন্দ্ৰত থকা কাৱাই টাউনত সোমবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডত বিস্তাৰৰ ক্ষতি হৈছে ৷ অগ্নিনিৰ্বাপক বাহিনীয়ে বৰ্তমানেও জুই নিৰ্বাপনৰ চেষ্টা কৰি আছে ৷ বৰ্তমানলৈকে ব্যৱসায় প্ৰতিষ্ঠান আৰু ঘৰসহ প্ৰায় ২০০ টা অট্টালিকা জুইত জাহ গৈছে ৷ উক্ত চহৰখন পৰ্যটনস্থলীৰ বাবে জনাজাত আছিল ।
জাপানত থকা ভাৰতীয় দূতাবাসে ভূমিকম্প আৰু ছুনামিৰ সতৰ্কবাণী সন্দৰ্ভত যিকোনো লোকৰ সৈতে যোগাযোগ কৰাৰ বাবে এটা জৰুৰীকালীন কোঠা স্থাপন কৰিছে । জাপানত শক্তিশালী ভূমিকম্প আৰু ছুনামিৰ সতৰ্কবাণীৰ পিছত দূতাবাসে ভাৰতীয় নাগৰিকৰ বাবে জৰুৰীকালীন যোগাযোগ নম্বৰ জাৰি কৰিছে ।
লগতে পঢ়ক : Japan Earthquake : জাপানত হোৱা ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১৫জনলৈ বৃদ্ধি