Local, Vocal, Global

মণিপুৰৰ ভূমিস্খলনৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি

নিউজ ডেস্ক, ২ জুলাই : মণিপুৰৰ Noney জিলাৰ Tupulত এটা ৰে’লনিৰ্মাণ ক্ষেত্ৰত হোৱা ভূমিস্খলনৰ ফলত হোৱা মৃত্যুৰ সংখ্যা বৰ্তমান সময়লৈকে ২৫ জনলৈ বৃদ্ধি পাইছে।

আনহাতে, বিষয়াসকলৰ মতে, এতিয়াও ৩৮ জন লোক সন্ধানহীন হৈ আছে।

অনুসন্ধান আৰু উদ্ধাৰ অভিযান বৃদ্ধি কৰিবলৈ Tupulত অধিক উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। ২৯ জুনত টুপুলত সংঘটিত দুৰ্যোগৰ পিছত সেনা, অসম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মি, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই আছে।

কালি উদ্ধাৰ কৰা ২১টা মৃতদেহৰ পিছত আজি NDRF , SDRF আৰ্মি আৰু আছাম ৰাইফলছে চলোৱা যৌথ উদ্ধাৰ অভিযানত ৪ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উদ্ধাৰ কৰা সকলৰ ভিতৰত ১৩ জন টেৰিটৰিয়েল আৰ্মি আৰু ১২ গৰাকী ৰেলৱে নিৰ্মাণ শ্ৰমিক ।

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে প্ৰকাশ কৰামতে ন’নেই ৰেলৱে বৃহৎ প্ৰকল্পত মুঠ ৮১ গৰাকী লোক কৰ্মৰত হৈ আছিল । ইয়াৰে ২৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে , ১৪ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে । এতিয়াও ৩৮ গৰাকী মাটিৰ তলত পোত খাইছে ।

ইয়াৰোপৰি তেওঁ কয়- মই মৃতকৰ পৰিয়ালৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো । চৰকাৰৰ ফালৰ পৰা মৃতকৰ পৰিয়ালৈ পাঁচ লাখ টকা আৰু আহতসকল ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য কথা ঘোষণা কৰিছো ।