Local, Vocal, Global

Death Of Wild Elephants : খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ মৃত্যু

নিউজ ডেস্ক, ১০ জুলাই : ৰাজ্যত বৰ্তমানো অব্যাহত আছে ভয়ংকৰ বান পৰিস্থিতি। ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীৰ মৃত্যু হয় ৰে’লৰ খুন্দাত। স্থানীয় লোকে সদৰি কৰা অনুসৰি, পুৱতি নিশা উজনীমুৱা এখন তীব্ৰবেগী ৰে’লৰ খুন্দাত নিহত হৈছে হাতীটো। ৰে’ল লাইন অতিক্ৰম কৰিবলৈ লওতেই জাগীৰোডৰ টেঘেৰীয়াত মৃত্যু হোৱা বন্যহস্তীটো সোণাইকুছি বনাঞ্চলৰ পৰা ওলাই আহিছিল।(Death of wild elephants)

উল্লেখ্য যে , শেহতীয়াকৈ চলা এক অধ্যয়ন অনুসৰি ৰে’লৰ খুন্দাত হাতী মৃত্যু হোৱা সৰ্বাধিক ঘটনা সংঘটিত হয় কামপুৰ, হোজাই, ডিফু আৰু মৰিয়নীত। ১৯৯০চনৰ পৰা ২০১৮ৰ লৈকে অসমৰ কেৱল ৰে’ল খুন্দাতে নিহত হৈছে ১১৫টাকৈ হাতী। এই উদ্বেগজনক তথ্য পোহৰলৈ অহাৰ পাছতে কিছু নিৰ্দিষ্ট স্থানত সৰ্তকতা অৱলম্বন কৰিবলৈ ৰে’ল বিভাগক বাৰে বাৰে পৰিৱেশ প্ৰেমীসকলে আহ্বান জনাই আহিছে যদিও আজি পৰ্যন্ত ৰেলৰ খুন্দাত মৃত্যু হৈয়ে আছে হাতী।

লগতে পঢ়কঃ Thief In Namghar : নামঘৰীয়াক আৱদ্ধ কৰি নামঘৰৰ বয়-বস্তু লণ্ড ভণ্ড