Local, Vocal, Global

Junmoni Rabha killed in road accident: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু !

নিউজ ডেস্ক, ১৬ মে’ : মঙ্গলবাৰে পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষী বিষয়া জোনমণি ৰাভা (Junmoni Rabha killed in road accident) । নগাঁৱৰ জখলাবন্ধাৰ সৰুভগীয়া ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । আৰক্ষী বিষয়া জোনমণি ৰাভাৰ এই মৃত্যু এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে (Death of Junmoni Rabha remains mystery) ।

শোকাৱহ পথ দুৰ্ঘটনাটোত নিহত জোনমণিৰ মাতৃৰ ভাষ্য অনুসৰি,সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাইছিল জোনমণি ৰাভাৰ চৰকাৰী আৱাসত (Police raid Junmoni Rabha residence)। অভিযানৰ সময়ত জোনমণিৰ আৱাসৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল এক লাখ টকা । মাতৃগৰাকীয়ে এই অভিযানৰ কথা উল্লেখ কৰি ক’লে, ”মই ৰাতি ফোন কৰিছো ফোনটো নুঠাই, মই ভাবিছো কাম কৰি আছে। অলপ পিছত তাই ফোন কৰিব বুলি ভাবি আছো । মই মেইন ৰাস্তালৈ আহিছো চাবলৈ। ৰাতিটো শোৱা নাই মই। তাৰ পিছত ৰাতি ২-৩টা মান বজাত ছাৰ-বাইদেউ গৈছে, ঘৰত কিবাকিবি কৰিছে। মোৰ হাঁহ-কুকুৰা, গাহৰি-ছাগলী বিক্ৰী কৰা পইচা আছিল, সেইখিনিকো সিহতে লৈ আনিছে। জোনমণিৰ দাদাকক মেডিকেলত দেখুৱাম বুলি জমা কৰি থৈছিল আৰু কেচৰ তাৰিখ আছিল, সেইবিলাক চব লৈ আহিছে বাইদেউ আৰু ছাৰে… এছ পি বাইদেউ আৰু ডি এছ পি ছাৰে । মোৰ ছোৱালী আৰু নাই, কেতিয়াবাই গম পাইছে বোধহয় সিঁহতে । মই ফোন কৰি আছো নাপাওঁহে নাপাওঁ । মোক চাকৰি নালাগে, মোৰ জোনটোক লাগে ।” এনেদৰেই কান্দি কান্দি সংবাদ মাধ্যমৰ আগত কৈ গৈছিল জোনমণিৰ মাতৃয়ে ।

কিন্তু কিয় কি কাৰণত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে আৰক্ষীয়ে জোনমণি ৰাভাৰ গৃহত অভিযান চলায় সেয়া এতিয়াও পোহৰলৈ অহা নাই । অৱশ্যে মাতৃৰ ভাষ্যই ৰহস্যঘন কৰি পেলাইছে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুক ৷ একেধৰণে জোনমণি ৰাভাৰ আত্মীয়ই জোনমণিৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই । এতিয়া আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ সত্যতা ।

ইফালে জোনমণি ৰাভাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লখিমপুৰৰ এটা পৰিয়ালে ৷ আজগৰ আলী নামৰ এজন লোকৰ মাতৃয়ে থানাত ৰুজু কৰা এটা গোচৰক লৈ সৃষ্টি হৈছে আন এক ৰহস্য ৷ অভিযোগ অনুসৰি বিনা কাৰণত পৰিয়ালটোক জোনমণিয়ে শাৰীৰিক-মানসিক আতিশয্য চলাই আহিছিল ৷ সোমবাৰে নিশা জোনমণি ৰাভাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত পৰিয়ালটোৰ এজন যুৱকক মাৰধৰ কৰি নগদ ধন, নথি-পত্ৰ, গহনা ইত্যাদি কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে ৷ তাৰোপৰি পৰিয়ালটোৰ ঘৰৰ পৰা এখন মাৰুতি ব্ৰেজা গাড়ী কাঢ়ি নিয়াৰো গুৰুতৰ অভিযোগ এজাহাৰখনত উত্থাপন কৰা হৈছে ৷

ইফালে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ অন্তত নগাঁও আৰক্ষীয়ে সামৰিক মৰ্যাদাৰে জোনমণি ৰাভাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Police paid tribute to Junmoni Rabha) । ইয়াৰ পিছতে জোনমণি ৰাভাৰ মৃতদেহ লৈ অনা হয় গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজ বাসগৃহলৈ । জোনমনি ৰাভাৰ মৃতদেহ স্বগৃহত উপস্থিত হোৱাৰ পাছতেই কান্দোনৰ ৰোল উঠে ।

উল্লেখ্য যে শাসকীয় দলৰ এগৰাকী বিধায়কৰ লগত হোৱা কথোপকথন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৰ্বত্ৰে প্ৰশংসিত হৈছিল জোনমণি ৰাভা । তাৰ পিছতেই মাজুলীত ৰুজু হোৱা প্ৰবঞ্চনাৰ এক গোচৰত গ্ৰেপ্তাৰ বৰণ কৰি বিৰ্তকত সোমাই পৰিছিল জোনমণি । পৰৱৰ্তী সময়ত জেলৰ পৰা ওলাই কৰ্তব্যত যোগদান কৰি অপৰাধীৰ বিৰুদ্ধে জপিয়াই পৰি পুনৰ চৰ্চালৈ আহিছিল এইগৰাকী আৰক্ষী বিষয়া জোনমণি ৰাভা ।

লগতে পঢ়ক: Karnataka new CM: কোন হ’ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ? আজি ঘোষণা হব মুখ্যমন্ত্ৰীৰ নাম