Local, Vocal, Global

Death in smart city Guwahati: কৃত্ৰিম বানে মৃত্যুৰ কিৰিলি তুলিছে মহানগৰবাসীৰ বাবে

নিউজ ডেস্ক,৬ জুলাইঃ গুৱাহাটী মহানগৰীত বৰষুণৰ ফলত হোৱা বানপানীয়ে প্ৰতিবছৰে স্মাৰ্ট চিটিৰ নামত চমক সৃষ্টি কৰিব খোজা ৰাজ্য চৰকাৰখনৰ ফোঁপোলা স্বৰূপ উদঙাই আহিছে।পথৰ গাঁত,নলা-নৰ্দমাত আঁৰ-বেৰা দিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ স্বত্তেও গা নৰলিল জিলা প্ৰশাসনৰ।উল্লেখ্য যে মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ প্ৰথম পাঁচ বছৰীয়া আমোলত কৃত্ৰিম বানে একাকাৰ কৰি পেলোৱা মহানগৰীৰ এক উন্মুক্ত নলাত পৰি উপামণি চৌধুৰী নামৰ এগৰাকী মহিলা নিৰুদ্দেশ হৈ পৰিছিল আৰু শেষত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হৈছিল পল্টন বজাৰত নলাৰ জাৱৰৰ দ’মত আৱদ্ধ হৈ থকা অৱস্থাত।( During the first five years of the Congress government led by Chief Minister Tarun Gogoi, a woman named Upamani Chaudhary went missing after falling into an open drain in the city, which had been united by an artificial forest, and her body was finally found trapped in a drain dump in Paltan Bazar) এই ঘটনাই ৰাজ্যজুৰি তুলপাৰ লগোৱাই নহয় কংগ্ৰেছ চৰকাৰ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল।এই ঘটনাৰ কেইবাটাও বছৰৰ পাছত শুকুৰবাৰে মহানগৰীৰ মাজমজিয়াত একেই ঘটনাৰ পুনৰাবৃত্তি হোৱা দেখিবলৈ পোৱা যায়।

পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ধলে ৮ বছৰীয়া অবিনাস চৌধুৰীক নৰ্দমাৰ আৰু অধিক গভিৰতালৈ টানি নিয়ে।উল্লেখ কৰা প্ৰয়োজন যে মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যখনৰে বিভিন্ন প্ৰান্তত পথৰ মাজত খন্দা গাঁত ,নলা-নৰ্দমাত পৰি দুৰ্ঘটনাগ্ৰস্ত হৈ অকালতে জীৱন হানি হোৱা ঘটনা এই চৰকাৰখনৰ কাৰ্যকালত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।একমাত্ৰ মহানগৰীত এতিয়ালৈ এনে কেইবাটাও ঘটনা হৈ গৈছে।

যোৱা বছৰ গুৱাহাটীৰ গণেশগুৰি অঞ্চলৰ পথৰ মাজৰ উন্মুক্ত নলাত পৰি এগৰাকী যুৱতী দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত হোৱা হৃদয়বিদাৰক ঘটনাটোক লৈও তুমুল চাঞ্চল বিৰাজ কৰিছিল (Last year, a young woman fell into an open drain in the middle of a road in Guwahati’s Ganeshguri area and met with an accident and was killed in a heart-wrenching incident). আৰু সেই সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্ত সকলক আঁৰ-বেৰ,উন্মুক্ত গাঁত সমূহৰ ব্যৱস্থা কৰিবলৈ সকিয়াই দিয়াৰ পাছতো গা নলৰিল জিলা প্ৰশাসন সমূহৰ।৮ বছৰীয়া কণমাণ শিশু অবিনাথ চৰকাৰৰ বৃহস্পতি বাৰে কৃত্ৰিম বানৰ নলাত পৰি নিৰুদ্দিষ্ট হোৱা আৰু আজি পৰ্যন্ত সন্ধান নোপোৱা ঘটনাৰ মূলতেও জিলা প্ৰশাসনৰ চৰম দায়িত্বহীনতা।

লগতে পঢ়কঃ Minister resigns after BJP loses : পীযুষ হাজৰীকাই পদত্যাগ নকৰিলেও এইখন দেশৰে ৰাজস্থানত কিন্তু দেখা হৈছে ইয়াৰ অনুৰূপ দৃশ্য