Local, Vocal, Global

চাবুৱাৰ নাদুৱা গ্ৰাণ্টৰ সমাজকৰ্মী দেৱজিৎ শইকীয়াৰ মৃত্যু

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় জিলাৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত নাদুৱা গ্ৰাণ্ট গাঁৱৰ সমাজকৰ্মী দেৱজিৎ শইকীয়াৰ বৃহস্পতিবাৰে পুৱতি নিশা নিজা বাসগৃহতে মৃত্যু হয়। জানিব পৰা মতে উচ্চ, ৰক্তচাপত মৃত্যুক সাৱটি লয় দেৱজিৎ শইকীয়াই। জীতেন শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ দেৱজিৎ শইকীয়াই ১৯৯৬ চনত তিলৈ উন্নয়ন খণ্ডত কৰ্মজীৱন পাতনি মেলি বৰ্তমান পানীতোলা উন্নয়ন খণ্ড এজন কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল।

সমাজৰ বিভিন্ন কাম-কাজৰ সৈতে জড়িত দেৱজিৎ শইকীয়া মৃত্যুৰ সময়ত বয়স আছিল ৫৪ বছৰ। সাংবাদিক তপন কুমাৰ শইকীয়াৰ বৰদেউতাকৰ পুত্ৰ আছিল দেৱজিৎ শইকীয়া।

মৃত্যু খবৰ বিয়পি পৰা লগে লগে শোকত ভাগি পৰে আত্মীয় স্বজনৰ লগতে স্থানীয় ৰাইজ। দেৱজিৎ শইকীয়াই ইহসংসাৰত পিতৃ জিতেন শইকীয়া, মাতৃ বিমলা শইকীয়া, পত্নী নিলিমা শইকীয়া, ভগ্নী দিপিকা শইকীয়া কোঁৱৰ, ভাতৃ দীপজ্যোতি শইকীয়া, পুত্ৰ অভিনাশ শইকীয়া, কন্যা প্ৰিয়া শইকীয়াসহ আত্মীয়-স্বজনক এৰি থৈ যায়।

মৃত্যুত পানীতোলা উন্নয়ন খণ্ড, হাতী গাধৈ যুৱ সমাজ, ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, ডিকম, নাদুৱা গাঁও, নাদুৱা গ্ৰাণ্ট গাঁৱৰ লগতে নাদুৱা চাইডিঙবাসী ৰাইজে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়।