Death body found in Bihali : ৰে’ল লাইনৰ সমীপত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

নিউজ ডেস্ক,২৯জুন : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ, ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে(Death body found in Bihali)।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।
এইবাৰ বিহালীৰ বৰগাংৰ মিলনপুৰ গাঁৱৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ অৰ্দ্ধগলিত মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো লিয়নী ইন্দুৱাৰ (50)বুলি জানিব পৰা গৈছে৷ মৃত মহিলাগৰাকীৰ ঘৰ বৰগাঙত বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে।
উল্লেখ্য যে বিগত ২২জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী৷ বিগত দিন কেইটাত পৰিয়ালৰ লোকে মহিলাগৰাকী নিখোজ হোৱা বুলি বিচাৰ খোচাৰ কৰি আছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল৷ মহিলাগৰাকী কোনো দূৰ্ঘটনাত মৃত্যু হৈছে নে আন কোনো ঘটনা সংঘটিত হ’ল সেইয়া আৰক্ষীৰ তদন্তত হে স্পষ্ট হ’ৱ ৷
লগতে পঢ়ক : মৃতকক কৱৰ দিবলৈ গৈ কৱৰস্থানতে মৃত্যু আন এজনৰ