মৰমৰ কলিজাৰ আইতা আৰু নাই ,অসমবাসীক শোকাহত কৰি গুছি গ’ল মৰমৰ কলিজাৰ আইতা

ডিজিটেল ডেস্কঃ-অৱশেষত মৃত্যুৰে যুঁজি যুঁজি হাৰ মানিলে কলিজাৰৰ আইতাই।GMCHত চিকিৎসাধীন অৱস্থাত ১০৮ বছৰীয়া কলিজাৰ আইতাই শেষ নিশ্বাস ত্যাগ কৰিলে।দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল সকলোৰে মৰমৰ আইতাই।আজি পুৱা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে আইতাই।সকলোৰে মৰমৰ আছিল কলিজাৰ আইতা। প্ৰমোদ তালুতদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দ আইতা সকলোৰে অতি আপোন।প্ৰমোদ তালুতদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ আকৰ্ষণ আছিল আইতা ।বৃদ্ধশ্ৰমলৈ অহা প্ৰতিজন লোককে মৰম কৰিছিল ,আৰ্শীবাদ দিছিল আইতাই।আইতাৰ মুখত সকলো সময়তে জিলিকি আছিল এটা মৰমসনা হাঁহি।আশ্ৰমলৈ অহা লোকসকলক সম্বৰ্ধনা জনোৱা,জন্মদিন পালন কৰিবলৈ অহাসকলৰ জন্মদিনৰ কেক কটা এই সকলো দায়িত্ব যেন আছিল আইতাৰ।জিএমচিএইচৰ চিকিৎসকে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কলিজাৰ আইতাই।