Local, Vocal, Global

ৰঙিয়াত ভয়ংকৰ পথ দূৰ্ঘটনা- থিতাতে নিহত এজন চাইকেল আৰোহী

নিউজ ডেস্ক, ১৬ মাৰ্চঃ মঙ্গলবাৰে নিশা ৰঙিয়াৰ মৰাণজানৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়।

এই দূৰ্ঘটনাত হেমন্ত কলিতা নামৰ এজন চাইকেল আৰোহী নিহত হয়। নিহত লোকজনৰ ঘৰ ৰঙিয়াৰ লেচাকোনাত বুলি বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বহিঃৰাজ্যৰ পৰা পিয়াজ ভৰ্তি এখন ট্ৰাকে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত পিছফালৰ পৰা এখন টাটা মোবাইল এখনে পিছফালৰ পৰা অতিক্ৰম কৰিবলৈ চেষ্টা কৰে।

উক্ত সময়তে পথৰ কাষেৰে গৈ থকা চাইকেল আৰোহীজনক কাঠ কঢ়িয়াই নিয়া টাটা মোবাইলখনে খুন্দা মাৰে। মুহূৰ্ততে চাইকেল আৰোহীজন ট্ৰাকৰ সন্মুখত পৰি থিতাতে মৃতত্যুমুখত পৰে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই দীৰ্ঘসময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত জানযঁটৰ সৃষ্টি হয়।