নুনমাটিত ভয়াৱহ ভূমিস্খলন

নিউজ ডেস্ক, ২৯ জুন : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বানৰ তাণ্ডৱ। বান লগতে হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলস্বৰূপে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্নজনে মৃত্যুক সাৱতি লৈছে।
নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে।
মঙলবাৰৰ পৰা অসমত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাটাও অঞ্চলত ভূমিস্খলন হৈছে।
বুধবাৰে পুনৰ গুৱাহাটীৰ নুনমাটিত ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে। আৰু তাৰ ফলত এজন লোকৰ মৃত্যু হৈছে।
নুনমাটিৰ ভাবনীপুৰৰ মহাদেৱ পথত সংঘটিত হোৱা ভূমিস্খলনত মৃত্যু হোৱা ব্যক্তিজন প্ৰকাশ ডেকা বুলি চিনাক্ত কৰা হৈছে।