Local, Vocal, Global

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ! ১৭ জন লোক নিহত…

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত ভয়ংকৰ পথ দূৰ্ঘটনা সৃষ্টি হয়। বৃহস্পতিবাৰে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত ট্ৰাক আৰু বাছৰ মাজত সংঘৰ্ষ হয়।আৰক্ষীয়ে জনোৱা অনুসৰি দূৰ্ঘটনাত ১৭ জন লোকৰ মৃত্যু হয় আৰু আহত হয় এজন।আহত লোকজনক আৰু মৃতদেহবোৰ জিলা সদৰ চিকিৎসালয়লৈ স্থানান্তৰণ কৰা হৈছে।ঘটনাটো পেছাৱাৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দুৰত দক্ষিণ-পশ্চিমত ইণ্ডাছ ঘাইপথৰ কোহাট সুৰংগৰ ওচৰত সংঘটিত হয়।
ট্ৰাকৰ ব্ৰেক বিকল হোৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় বুলি, আৰক্ষীয়ে জানিবলৈ দিয়ে।