ধলাত ভয়ংকৰ নাও দূৰ্ঘটনা- একেটা পৰিয়ালৰ ৩জন লোকৰ সলিল সমাধি
নিউজ ডেস্ক, ৬ মাৰ্চঃ তিনিচুকীয়া জিলাৰ ছৈখোৱা আৰক্ষী থানাৰ অন্তৰ্গত খেৰঘাটৰ ভুৱল খাল নদীত এক ভয়ংকৰ নাও দূৰ্ঘটনা সংঘটিত হয়। এই দূৰ্ঘটনাত একেটা পৰিয়ালৰ ৩জন লোকৰ সলিল সমাধিৰ ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
ধলা চাহ বাগিছাৰ উড়িয়া লাইনৰ অস্থায়ী শ্ৰমিক হিচাপে বসবাস কৰা পতি-পত্নী আৰু তেঁওলোকৰ ৭ বছৰীয়া সন্তান এই ঘটনাত মৃত্যুবৰণ কৰে। ব্ৰক্ষ্মপুত্ৰৰ সুঁতিত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।