উত্তৰ প্ৰদেশত ভয়ংকৰ বিস্ফোৰণ
নিউজ ডেস্ক, ৪ জুন : শুক্ৰবাৰে দিল্লীৰ পৰা প্ৰায় ৮০কিলোমিটাৰ দূৰৰ ঢোলানাৰ (Dholna) ইউপিএছআইডিচি (UPSIDC) ঔদ্যোগিক এলেকাত এটা চিএনজি পাম্পৰ কাষত অৱস্থিত এটা কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ।
শনিবাৰে আৰক্ষীযে জনায় যে পশ্চিম উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ এটা ৰাসায়নিক কাৰখানাত বয়লাৰ বিস্ফোৰণ (Boiler Blast) হোৱাৰ ফলত কমেও ৯ জন শ্ৰমিক নিহত আৰু ১৯ জন আহত হয় ।
৩ ঘন্টা যোৰা প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে।
পিটিআইয়ে জনায় যে বয়লাৰটো বিস্ফোৰণ হোৱাৰ সময়ত কাৰখানাটোত ২৫ জন লোক আছিল । বিস্ফোৰণটো ইমানেই তীব্ৰ আছিল যে ই ওচৰতে অৱস্থিত অন্য কিছুমান কাৰখানাৰ চালো ক্ষতিগ্ৰস্ত কৰিছিল।