Local, Vocal, Global

Dead body recovered : সোণাৰি খামলুং চাহ বাগিছাত উলংগ অৱস্থা উদ্ধাৰ যুৱকৰ মৃতদেহ

সোণাৰি, ২৬অক্টোবৰ : ৰাজ্যত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ । উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ । যুৱকৰ মৃতদেহৰ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য(Dead body recovered ) ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

এইবাৰ সোণাৰিত উদ্ধাৰ যুৱকৰ মৃতদেহ । সোণাৰি খামলুং চাহ বাগিছাৰ মাজত উলংগ অৱস্থা উদ্ধাৰ হয় ৩০ বছৰীয়া যুৱকৰ মৃতদেহ ।

জানিব পৰা মতে, মৃতলোকজন চৰাইদেউৰ জৱকা খামলুং চাহ বাগিচাৰ ৰাজা বাউৰী বুলি চিনাক্ত কৰা হৈছে(Deadbody recovered in Sonari) ।

উল্লেখ্য যে ,পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি , বুধবাৰে নিশা গৌতম নামৰ এজন ব্যক্তিৰ সৈতে কাজিয়াত লিপ্ত হৈছিল ৰাজা বাউৰী । ইয়াৰ পিছতে বৃহস্পতিবাৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহটো ।
বৃহস্পতিবাৰে স্থানীয় লোকে যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ।

জানিব পৰা মতে, বুধবাৰে দিনত একে লাইনৰে গৌতম ৰাজপুট নামৰ লোক জনে দুই পুত্ৰৰে মিলি মাৰ ধৰ কৰিছিল ৰাজা বাউৰীক । পাছত বুধবাৰে নিশা গৌতম ৰাজপুট আৰু দুই পুত্ৰই মিলি বাগিছাৰ জনশূন্য স্থানত মৰিয়াই মৰিয়াই হত্যা কৰি পেলাই থৈ যায় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে ‌।

আৰক্ষীয়ে ইতিমধ্য়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । কিন্তু প্ৰকৃততে এই ভয়ংকৰ ঘটনাটো কোনো আৰু কিয় সংঘটিত কৰিলৈ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :PM Modi to attend Ram temple inauguration : অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণা