Local, Vocal, Global

Deadbody recovered : চাঞ্চল্যকৰ ঘটনা ! পুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ,

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ: ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হৈ আহিছে এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আহিছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Deadbody recovered in Kaliabor) ।

এইবাৰ কলিয়াবৰত উদ্ধাৰ মৃতদেহ । এটা পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ । দেওবাৰে স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ।

উল্লেখ্য যে, দেওবাৰে পুৱাই কলিয়াবৰত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। কলিয়াবৰৰ ১ নং বৰঘূলীত সংঘটিত হৈছে এই ঘটনাটো । ১ নং বৰঘূলীত এটা পুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ(Deadbody recovered)।

জানিব পৰা মতে, মৃত মহিলা গৰাকী নাম ৰাছিদা বেগম আৰু বয়স ২৮ বছৰ বুলি চিনাক্ত কৰা হৈছে । মহিলাগৰাকীৰ ৭ বছৰীয়া পুত্ৰ সন্তানো আছে যি এতিয়ালৈকে সন্ধানহীন হৈ আছে। এতিয়ালৈকে ৰাছিদা বেগমৰ নিৰুদ্দেশ পুত্ৰৰ সন্ধান পোৱা নাই।

উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী ৰফিকুল ইছলাম কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে। এই ঘটনাৰ এতিয়াই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে । ইতিমধ্যে এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে সন্ধানহীন ৭ বছৰীয়া সন্তানটিক পুখুৰীত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে। শিশুটি উদ্ধাৰৰ বাবে SDRF বাহিনীৰ ডুবাৰুৱে অভিযান আৰম্ভ কৰিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্তত অন্তত সকলো ৰহস্য পোহৰলৈ আহিব বুলি পৰিয়াল তথা স্থানীয় ৰাইজে আশা কৰিছে।

লগতে পঢ়ক :Behind suicide pact : নিজা বাসগৃহত উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ ৪টাকৈ মৃতদেহ