Local, Vocal, Global

Deadbody Recovered : মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ যুৱতীৰ মৃতদেহ

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ মৃতদেহ(Deadbody Recovered) ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Deadbody Recovered in Guwahati)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।

যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।

পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।এইবাৰ মহানগৰীৰ হেঙেৰাবাৰী উদ্ধাৰ মৃতদেহ।

জানিব পৰা মতে হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়া ঘৰত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ।ইতিমধ্য়ে যুৱতীগৰাকীৰ ঘৰ ধেমাজিত বুলি চিনাক্ত কৰা হৈছে । যুৱতীৰ গৰাকীৰ নাম অনুষ্কা শইকীয়া।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় এটা বছৰ পূৰ্বে গুৱাহাটীলৈ অহা অনুষ্কাই এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল। অনুষ্কাৰ সৈতে আছিল এগৰাকীৰ বনকৰা মহিলা । এই বনকৰা মহিলাগৰাকীৰ নাম জোন বৰা।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ আৰক্ষী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আনহাতে ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনছিকৰ দল।

আৰক্ষীয়ে তদন্তত জোন বৰাক ঘটনা সন্দৰ্ভত সোধাপছ কৰিছে যদিও এতিয়াও কোনো তথ্যই লাভ কৰা নাই।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই যুৱতী গৰাকীৰ মৃত্যুৰ কাৰণ । এয়া আত্মহত্যা নে হত্যা সেয়া ৰহস্য আৱৰ্তনত।

আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।

লগতে পঢ়ক : Deadbody recovered in Lakhimpur : দীপাৱলীৰ আনন্দ উল্লাহৰ মাজতে ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ