Dead body found in Guwahati : পুনৰ মহানগৰীৰ হেঙেবাৰীত উদ্ধাৰ মৃতদেহ
নিউজ ডেস্ক, ২৪অক্টোবৰ : ৰাজ্যজুৰি পালন কৰা হৈছে দুৰ্গা পূজা।দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতেই মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা(Deadbody recovered in Guwahati)। পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । প্ৰায় প্ৰতি দিনেই ধাৰাবাহিকভাৱে উদ্ধাৰ হৈ আহিছে মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰ ঘটনাই ।
মঙলবাৰে গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ। মহানগৰীৰ হেঙেবাৰীৰ এল পি স্কুলত সংঘটিত হৈছে এই ঘটনা(Dead body found in Guwahati) ।
জানিব পৰা মতে, মৃত যুৱকজন নলবাৰীৰ খগেন দাস বুলি চিনাক্ত কৰা হৈছে। নিহত লোকজন পেছাত এগৰাকী ই-ৰিক্সাচালক বুলি জানিব দিয়ে স্থানীয় ৰাইজে। তিলেশ্বৰ দাস নামৰ লোকজনে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, মঙলবাৰে পুৱাই মৃত খগেন দাস আৰু হত্যাকাৰী তিলেশ্বৰ দাসৰ মাজত মাজত সংঘাতৰ সৃষ্টি হৈছিল। আৰু সেই সংঘাতৰ ফলতেই তিলেশ্বৰ দাসে হানি-খুছি হত্যা কৰা খগেন কলিতাক হত্যা কৰাৰ সন্দেহ কৰে স্থানীয় ৰাইজৰ। ইতিমধ্যেই ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে বৰ্তমান পলাটক তিলেশ্বৰ দাসক বিছাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব দিয়ে।
লগতে পঢ়ক : Traffic Restrictions Imposed On Idol Immersion Day : বিজয়া দশমী উপলক্ষে মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিৰ্দেশনা