Local, Vocal, Global

Deadbody recovered in Guwahati : পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৮অক্টোবৰ : পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । বুধবাৰে পুৱা মহানগৰীত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ। মহানগৰীৰ ৰুক্মিণীগাঁৱত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মৃতদেহ((Deadbody recovered in Guwahati))।

ৰুক্মিণীগাঁৱৰ এটা এপাৰ্টমেণ্টত উদ্ধাৰ হয় মৃতদেহটো ।এপাৰ্টমেণ্টটোৰ এটা নলাত পৰি আছিল মৃতদেটো।

মৃতদেহটো জ্যোতিষ তালুকদাৰ নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, এপাৰ্টমেণ্টটোৰ কেয়াৰটেকাৰ হিচাপে কৰ্মৰত আছিল যুৱকজন।

ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো আৰু আৰক্ষীয় ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।আৰক্ষীৰ

আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ ।

লগতে পঢ়ক :Gaza Hospital Blast: গাজাৰ চিকিৎসালয়ত ৰকেট আক্ৰমণ; মৃত্যু শ শ লোকৰ