Deadbody recovered in Guwahati : মহানগৰীৰ দুটা স্থানত একেদিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৭ আগষ্ট : মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অটিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । দেওবাৰে মহানগৰীৰ লখৰা আৰু বেলতলাত দুটাকৈ মৃতদেহ উদ্ধাৰ হয় (Deadbody recovered in Guwahati)৷ লখৰাৰ গৰভাংগা পথত পদপথৰ দোকানৰ সমীপতে পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এজন যুৱকৰ মৃতদেহ । আনহাতে বশিষ্ঠৰ বাহিনী নৈত উটি অহা অৱস্থাত বেলতলাৰ বনগাঁৱত উদ্ধাৰ হৈছে আন এটা মৃতদেহ(2 Deadbody Recovered in a single day in Guwahati)।
মহানগৰীত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ দেওবাৰে মহানগৰীৰ লখৰা আৰু বেলতলাত দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ প্ৰছমে মহানগৰীৰ লখৰাত এটা মৃতদেহ উদ্ধাৰ কৰা হয় । লখৰাৰ গৰভাংগা পথত সংঘটিত হৈছে এই ঘটনা। পদপথৰ দোকানৰ সমীপতে পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এজন যুৱকৰ মৃতদেহ । ৰাজা সিনহা নামৰ এজন লোকে প্ৰথমে মৃতদেহটো দেখা পাই ১০০ ত ফোন কৰে যদিও সংযোগ নোহোৱাত ব্যক্তিজনে বশিষ্ঠ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে ৷ মৃত যুৱক জনৰ পৰিচয় বৰ্তমানেও জানিব পৰা নাই ।
ইফালে কোনো লোকে সেই স্থানত মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ । এই ঘটনাৰ পিছতে সমগ্ৰ লখৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । অচিনাক্ত যুৱকজনৰ হত্যা নে স্বাভাৱিক মৃত্যু সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।
আনহাতে মহানগৰীত বশিষ্ঠৰ বাহনী নৈত উটি অহা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ । বেলতলাৰ বনগাঁৱত উদ্ধাৰ হৈছে মৃতদেহটো । জানিব পৰা মতে, দেওবাৰে বিয়লি প্ৰায় ৫ বজাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে। তাৰ পিছতে লগে লগে বশিষ্ঠ আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহটো বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই। লগতে মৃতদেহটো ক’ৰ পৰা কেনেকৈ উটি আহিল সেই কথাও বৰ্তমানলৈ স্পষ্ট হোৱা নাই।
বশিষ্ঠ আৰক্ষীয়ে খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় যদিও প্ৰায় ৩ ঘন্টা পিছতহে মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায়। আৰক্ষীয়ে দুয়োটা ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : Terrible road accident: ভয়ংকৰ পথ দুৰ্ঘটনা,নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল বাহন