Sensational Incident : মহিলাক হত্যা কৰি পেলাই থৈ গ’ল পথাৰত ! কিন্তু কোনে কৰিলে এই হত্যাকাণ্ড ?

সোণাৰি, ১১ডিচেম্বৰ : এক নৃশংস হত্যাকাণ্ড । পথাৰত হত্য়া কৰি পেলাই থৈ গ’ল মহিলাক । কিন্তু কোনো কৰিলে এই হত্যাকাণ্ড ?
হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে(Sensational Incident) ।
ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড(Dead Dody Recovered in Sonari)।
এইবাৰ সোণাৰিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ঘটনা । সোণাৰিৰ লংপতীয়া হাবিত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনাটো ।
কোনো অচিনাক্ত লোকে এগৰাকী মহিলাক হত্যা কৰি পেলাই থৈ যায় পথাৰত ।
জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকী লংপতীয়া হাবিৰ বাসিন্দা গাঠিয়া ঘাটোৱাৰৰ পত্নী শুকুৰমণী ঘাটোৱাৰ(৫০) । মৃত মহিলাগৰাকীৰ বুকু আৰু ডিঙিত আঘাটৰ চিন স্পষ্ট হৈ থকাৰ লগতে শৰীৰৰ বিভিন্ন স্থানত তেজৰ দাগ আছে(Dead Dody Recovered in Sonari) ।
পৰিয়ালৰ লোকে কোৱা অনুসৰি নিহত মহিলা গৰাকীয়ে দেওবাৰে নিশা ওচৰতে আয়োজিত সকাম খাবলৈ গৈছিল ।কিন্তু সোমবাৰে পুৱা নিজ বাসগৃহৰ ওচৰৰে পথাৰত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় আৰু ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলজুৰি । মহিলাগৰাকী দেহৰ কাপোৰ মৃতদেহৰ পৰা দূৰত পথাৰত পৰি থাকে আৰু মহিলা গৰাকীৰ বিভিন্ন স্থানত তেজৰ দাগ তথা মৃতদেহত আঘাটৰ চিন স্পষ্ট হৈ থকাত এয়া এক হত্যাকাণ্ড বুলি প্ৰাথমিক অনুসন্ধানত সন্দেহ প্ৰকাশ আৰক্ষীৰ।
লগতে পঢ়ক : Notorious Criminal Killed in Police Firing : দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত