Local, Vocal, Global

Dead Body recovered in Sonari : বিলত মাছ মাৰিবলৈ যোৱা বৃদ্ধৰ ৰহস্যজনক ভাৱে মৃত্যু

সোণাৰি,১ছেপ্তেম্বৰ : সোণাৰিত বৃদ্ধৰ মৃতদেহ উদ্ধাৰ। বিলত মাছ মাৰিবলৈ যোৱা বৃদ্ধৰ ৰহস্যজনক ভাৱে মৃত্যু।

চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰীতলীত সুৰেণ গোৱালা নামৰ ৬৫ বছৰীয়া বৃদ্ধজনৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয় ।

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত মাছ ধৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল সুৰেণ গোৱালা । নিশা লোক জন ঘৰলৈ ঘুৰি নহাত দেওবাৰে পুৱা স্থানীয় ৰাইজে কাষৰ এখন বিলৰ পানীত উপঙি থকা প্ৰত্যক্ষ কৰে । স্থানীত ৰাইতে সেই স্থানত বিচাৰ খোচাৰ কৰাত বৃদ্ধ জনৰ মৃতদেহটো উদ্ধাৰ কৰে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে(Dead Body recovered in Sonari)।

লগতে পঢ়ক : Road Accident in Chapar : মালবাহী বাহন আৰু হস্পিতালৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতে নিহত এজন,আহত বহু কেইজন ৰোগী