Dead Body Recovered In Panikhaiti : ব্ৰহ্মপুত্ৰৰ নিখোজ হোৱা ২ যুৱকৰ এজনৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,২৭মে’ : মহানগৰীৰ পানীখাইটিৰ তামোলবাৰীত ব্ৰহ্মপুত্ৰ নৈত নিখোজ হোৱা ২ যুৱকৰ এজনৰ মৃতদেহ উদ্ধাৰ। নাৰেংগীৰ চিন্ময় পাঠক নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ । সোমবাৰে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃতেদহটো(Dead Body Recovered In Panikhaiti )।
জানিব পৰা মতে, সোমবাৰৰ পুৱাৰে পৰা এছ ডি আৰ এফে যুৱক দুজনৰ সন্ধানত অভিযান চলাই আছিলে । অৱশেষত এজনৰ নিথৰ দেহ উদ্ধাৰ কৰে।কিন্তু এই পৰ্যন্ত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা পাথৰকুৱৰীৰ অৰ্জুন নাথ (২০) নামৰ যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। বৰ্তমানো উদ্ধাৰকাৰী বাহিনীৰ লোকে নিখোজ অৰ্জুন নাথৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
উল্লেখ্য যে দেওবাৰে দুপৰাীয়া নাৰেংগী আৰু পাথৰকুৱৰী অঞ্চলৰ ১০জনীয়া যুৱকৰ এটা দলে গা ধুবলৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছিল। ইয়াৰে চাৰিজন যুৱকে উৎকট গৰমৰ বাবে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামে। কিন্তু ব্ৰহ্মপুত্ৰৰ সোঁতত ৪জন ডুব যায় যদিও ইয়াৰে এজনে কোনোমতে সাঁতুৰি পাৰলৈ আহে। আনহাতে আন এজন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰে(Dead Body Recovered In Panikhaiti )।
কিন্ত চিন্ময় পাঠক আৰু অৰ্জুন নাথ নামৰ যুৱক দুজন ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে। ইয়াৰ পিছত দেওবাৰে এছ ডি আৰ এফে অভিযান চলাই চিন্ময় পাঠকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক : Road accident in Mangaldoi : মেজিক আৰু মটৰ চাইকেলৰ মাজত ভয়ংকৰ সংঘৰ্ষ;আহত দুজন